নিউজ ডেস্ক,৩০জুলাই: কেন্দ্ৰীয়ভাৱে চুক্তিবদ্ধ ভাৰতীয় খেলুৱৈ শ্বেতেশ্বৰ পূজাৰা আৰু হনুমা বিহাৰী(যি আই পি এলত ভাগ নলয়)ক বাদ দি সকলো খেলুৱৈয়ে আৰম্ভণিৰ পৰাই ডুবাইত ইণ্ডিয়ান প্ৰিমিয়াম লিগৰ প্ৰশিক্ষণ শিবিৰত ভাগ লোৱাৰ অধিক সম্ভাৱনা আছে ।

ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল ব'ৰ্ডে শীৰ্ষ খেলুৱৈ সকলৰ বাবে মটেৰাত আগষ্ট মাহৰ পৰা যি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল সেয়া বৰ্তমানৰ ক'ৰণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি খেলুৱৈ সকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ দিশটো বিবেচনা কৰি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত নকৰাৰেই সম্ভাৱনা অধিক দেখা গৈছে ।
অৱশ্যে কেন্দ্ৰীয়ভাৱে চুক্তিবদ্ধ শ্বেতেশ্বৰ পূজাৰা আৰু হনুমা বিহাৰী(যি আই পি এলত ভাগ নলয়)ক বাদ দি সকলো খেলুৱৈয়ে আৰম্ভণিৰ পৰাই ডুবাইত ইণ্ডিয়ান প্ৰিমিয়াম লিগৰ প্ৰশিক্ষণ শিবিৰত ভাগ লোৱাৰ অধিক সম্ভাৱনা আছে ।

ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল ব'ৰ্ডৰ এপেক্স কাউঞ্চিলে অত্যাধুনিক মটেৰা ষ্টেডিয়ামত যি প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰিছিল সেয়া নোহোৱাৰ সম্ভাৱনাই দেখা দিছে যদিও বৰ্তমানলৈকে গুজৰাট ক্ৰিকেট এচ'চিয়েয়ছনে বি চি চি আইৰ পৰা কোনো আনুস্থানিক পত্ৰ পোৱা নাই ।
'অহা ১৮ আগষ্টৰ পৰা ৪ চেপ্তেম্বৰলৈকে মটাৰাত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ'ব বুলি সংবাদ মাধ্যমৰ জড়িয়তে জানিব পাৰিছো যদিও প্ৰশিক্ষণ শিবিৰ হোৱা নোহোৱাক লৈ আমি বৰ্তমানলৈকে বি চি চি আইৰ পৰা কোনো আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই ।' নাম প্ৰকাশত অনিচ্ছুক গুজৰাট ক্ৰিকেট এচ'চিয়েয়ছনৰ এগৰাকী কৰ্মকৰ্তাই জনালে এনেদৰে ।

জানিব পৰা মতে,ক্ৰিকেটাৰ সকলে তেওঁলোকৰ ঘৰৰ পৰা আহমেদাবাদ আৰু তাৰ পিছত ডুবাইলৈ চহৰ বগাই বগাই কৰা এই যাত্ৰাই বৰ্তমান পৰিস্থিতিত খেলুৱৈ সকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আহিব লগা আশংকাৰ বাবেই মটাৰাৰ প্ৰশিক্ষণ শিবিৰ স্থগিত কৰা হৈছে ।
আই পি এলৰ এগৰাকী জ্যেষ্ঠ ফ্ৰেঞ্চাইজিয়ে উল্লেখ কৰা মতে,যি সময়ত তেওঁলোকে সম্পূৰ্ণ এটা বেলেগ ফৰমেটত খেলি আছে,তেনে ক্ষেত্ৰত আই পি এলৰ পূৰ্বে Red ball camp অনুষ্ঠিত কৰাৰ যুক্তি ক'ত ? এনেকুৱাও হ'ব পাৰে যে, এটা জম্বো ভাৰতীয় দলে অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পিছতো প্ৰশিক্ষণ আৰম্ভ কৰিব পাৰিব ।
লগতে চাওকঃ আৰ্থিক সংকটত চালক, পৰিচালক তথা বাছৰ গৰাকী