স্পৰ্টছ ডেস্ক,23 ডিচেম্বৰ: শৃংখলাৰ আৰম্ভনিতে লজ্জাজনক পৰাজয়ক পিছত থোৱাৰ উদ্দেশ্যে ভাৰতীয় দলৰ ভাৰপ্ৰাপ্ত অধিনায়ক অজিংক্য ৰাহানেই বুধবাৰে শুভম গীলৰ সৈতে ৰঙা বলেৰে আৰম্ভ কৰিছে নেট প্ৰশিক্ষণ ৷ গোলাপী বলৰ ৱাৰ্মআপ মেছত 43 আৰু 65 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ পিছতো প্ৰথমখন টেষ্ট মেছত দলত অন্তৰ্ভূক্ত নোহোৱা শুভম গীলে দ্বিতীয়খন টেষ্ট মেছত মায়াংক আগৰৱালৰ সৈতে অপেনিং কৰাৰ সম্ভাৱনা প্ৰকট হৈছে ৷
![India begin preparation for second Test; Gill looks good at nets](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9979311_3.jpg)
21 বৰ্ষীয় গীলে ৰঞ্জী ট্ৰফীত পাঞ্জাৱৰ হৈ অপেনিং কৰিছিল ৷ দ্বিতীয়খন টেষ্টত প্ৰীথ্বী ছাওৰ সলনি দলত অন্তৰ্ভক্ত হোৱাৰ সম্ভাৱনা আছে খেলুৱৈগৰাকী ৷ ইয়াৰ উপৰিও অপেনিঙৰ বাবে সুনীল গাভাস্কাৰৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা কে.এল. ৰাহুলেও নেটত বহু সময়ৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰে ৷
![India begin preparation for second Test; Gill looks good at nets](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9979311_1.jpg)
গোলাপী বলৰ টেষ্টত অষ্ট্ৰেলিয়াৰ হাতত 8 উইকেটত পৰাজয় বৰণৰ দ্বিতীয় ইনিংছত সৰ্বকালৰ সৰ্বনিম্ন 36 ৰাণ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় দলে ৷ আনহাতে, অধিনায়ক বিৰাট কোহলীয়ে নিজৰ প্ৰথম সন্তানৰ জন্মৰ বাবে বিৰতি লোৱাত তেওঁৰ অনুপস্থিতিত ৰাহানেই দলটোক নেতৃত্ব প্ৰদান কৰিব ৷
![India begin preparation for second Test; Gill looks good at nets](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9979311_2.jpg)
বিচিচিআইয়ে টুইটযোগে দলটোৰ প্ৰশিক্ষণ সন্দৰ্ভত কয়, "যিহেতু ৰঙা বলৰ টেষ্ট আৰম্ভ হ’ব গতিকে আমি আটাইয়ে আহি মেলবৰ্ণত উপস্থিত হৈছো ৷ এতিয়া সময় দলটো পুনৰ একত্ৰিত হোৱাৰ ৷ #ভাৰতীয় দল"
প্ৰশিক্ষণৰ পূৰ্বে খেলুৱৈসকলৰ সৈতে আলোচনাত মিলিত হয় প্ৰশিক্ষক ৰবি শাস্ত্ৰী ৷ আনাহতে, বৃদ্ধিমান সাহাৰ বিপৰীতে নেট প্ৰশিক্ষণত অহা ৰিশভ পন্তৰ সৈতেও কথা বতৰা পাতে প্ৰশিক্ষক গৰাকীয়ে ৷
লগতে পঢ়ক-মিক্স মাৰ্চেল আৰ্টছত ভাৰতৰ বাবে চেম্পিয়নশ্বিপ বেল্ট অৰ্জন কৰাটো মোৰ সপোনঃৰিতু ফোগত