ETV Bharat / sports

পুজাৰাক সমালোচনা অষ্ট্ৰেলিয়াৰ পেত কামিনছৰ - পেত কামিনছ

বিশ্ব সৰ্বশ্ৰেষ্ঠ বলাৰ পেত কামিনছৰ মাত্ৰ ২৯ ৰাণ দি ৪ টা উইকেট দখল । ২০১৮-১৯ বৰ্ষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুৰ্দান্ত বেটিঙ কৰা পুজাৰাক শৃংখলাত ৪ বাৰকৈ পেভিলিয়নলৈ পঠিয়ালে পেত কামিনছ ।

পুজাৰাক সমালোচনা অষ্ট্ৰেলিয়াৰ পেত কামিনছৰ

author img

By

Published : Jan 9, 2021, 7:07 PM IST

স্পৰ্টছ ডেস্ক , ৯ জানুৱাৰী : ৭ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে বৰ্ডাৰ গাভাস্কাৰ শৃংখলাৰ তৃতীয়খন টেষ্ট । টেষ্টৰ প্ৰথম ইনিঙছতে অষ্ট্ৰেলিয়াই ৩৩৮ ৰাণ কৰাৰ পিছত ভাৰতে ২৪৪ ৰাণতে ইনিঙছ সামৰে যাৰ বাবে অষ্ট্ৰেলিয়া দলটোৱে ৯৪ ৰাণৰ অগ্ৰগতি লাভ কৰি আছিল । ইয়াৰ পিছতে কেঙ্গাৰু বাহিনীয়ে পুনৰ বেটিঙ কৰি তৃতীয় দিনৰ শেষলৈ ১৯৭ ৰাণত অগ্ৰগতি লাভ কৰি আছে । ইফালে এই টেষ্টত ইতিমধ্য়ে সুন্দৰ প্ৰদৰ্শনেৰে চৰ্চা লাভ কৰিছে অষ্ট্ৰেলিয়ান বলাৰ পেত কামিনছে । তৃতীয় দিনাৰ খেলৰ অন্তত এক ভাৰ্ছুৱেল সংবাদমেলত খেলুৱৈ গৰাকীক গুৰুত্বপূৰ্ণ মন্তব্য় কৰা দেখা গল । নিজৰ দলৰ লগতে ভাৰতীয় দলটোৰ বেটিঙ অৰ্ডাৰ সন্দৰ্ভটো বিভিন্ন মন্তব্য় কৰে বিশ্ব সৰ্বশ্ৰেষ্ঠ বলাৰ গৰাকীয়ে গৰাকীয়ে । টেষ্টত ভাল প্ৰদৰ্শন কৰা কামিনছক পুজাৰাৰ লেহেমীয়া বেটিং আৰু আন বেটিঙৰ বিৰুদ্ধে তেওঁৰ বলিঙৰ চাপৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল ।

শনিবাৰে ভাৰতৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰি বলাৰ জনে ক'লে যে ২০১৮-১৯ বৰ্ষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুৰ্দান্ত খেলা পুজাৰা এই টেষ্টত ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত অতি কষ্টৰ সন্মুখীন হৈছে ।

উল্লেখ যে পেত কামিনছে ইনিঙছটোত ২৯ ৰাণ দি মুঠ ৪ টা উইকেট দখল কৰিছে লগতে শৃংখলাত ৪ বাৰকৈ পুজাৰাক আউট কৰি ড্ৰেছিঙ ৰূমৰ বাট দেখুৱাই । পুজাৰাক এক প্ৰকাৰ সমালোচনা কৰি কয় যে শৃংখলাত তেওঁৰ বিৰুদ্ধে এটাৰ পিছত আনটো ভাল বল কৰি ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আহিছে ।

উল্লেখ যে শৃংখলাটোত প্ৰথম অৱস্থাৰ পৰাই অতি লেহেমীয়া গতিত ৰাণ কৰা পুজাৰাই তৃতীয় টেষ্টতো ১৭৬ বলৰ বিনিময়ত সৰ্বনিম্ন ৫০ৰাণ কৰিয়ে আউট হৈছে ।

কামিনছে ধাৰণা কৰা মতে তেওঁৰ দলটো এতিয়া শক্তিশালী স্থিতিত আছে যদিও ভাৰতে পুনৰ খেলত আগবঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে । তেওঁৰ মতে ইনিঙছৰ শেষলৈ দলটোৱে ৩০০ ৰাণৰ অগ্ৰগতি লাভ কৰিব ।

খেলৰ মাজতে ভাৰতীয় খেলুৱৈ জাডেজা আৰু ৰিছভ পন্ট আঘাটপ্ৰাপ্ত হোৱা বিষয়ত প্ৰশ্ন কৰাত,জাডেজা পুনৰ বলিঙ কৰিব পাৰিব নে নাই আৰু ৰিছভৰ ঠাইত ৰিদ্ধিমান শ্বাহা আহে নেকি সেয়া চাবলৈ তেওঁ আগলৈ অপেক্ষা কৰিব বুলি কয় । সমান্তৰালকৈ তেওঁৰ সুন্দৰ পাৰদৰ্শিতা সন্দৰ্ভতো খেলুবৈ গৰাকীয়ে ভাৰ্ছুৱেল সংবাদমেলত বিভিন্ন মন্তব্য় কৰে ।

লগতে পঢ়ক :দ্বিতীয় ইনিংছত 103/2 ৰাণেৰে 197 ৰাণৰ অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.