নিউজ ডেস্ক, 10 মাৰ্চ: আজি ম'হালীত অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চতুৰ্থ খন এদিনীয়া মেচ । ৰাঁচীত অনুষ্ঠিত তৃতীয় খন এদিনীয়াত 32 ৰাণৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলৰ বাবে আজিৰ মেচখন তীব্ৰ প্ৰতিদ্বন্দিতামূলক হৈ পৰিছে ।
দিনৰ 1.30 বজাৰ পৰা আৰম্ভ হ'ব লগা এই মেচখনৰ জৰিয়তে ভাৰতীয় দলে শৃংখলা দখলৰ লক্ষ্যৰে নামিব ।