নিউজ ডেস্ক, ১২ মাৰ্চ: দিল্লী আৰু জিলা ক্ৰিকেট সন্থা চমুকৈ ডিডিচিএ য়ে বাতিল কৰিছে বিৰাট কোহলী, বিৰেন্দৰ ছেহৱাগ আৰু গৌতম গম্ভীৰৰ সম্বৰ্ধনা অনুষ্ঠান । পুলৱামা আক্ৰমণত নিহত হোৱা ৪০ জন চি আৰ পি এফ জোৱানৰ সন্মানাৰ্থে এই সিদ্ধান্ত লয় ক্ৰিকেট সন্থাটোৱে ।

উল্লেখ্য যে, পূৰ্বে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা অন্তিম অথা নিৰ্ণায়ক মেচখনত তিনিও জন ক্ৰিকেটাৰক মেচৰ আৰম্ভণিতে সম্বৰ্ধনা জনোৱাৰ কথা আছিল ।