ETV Bharat / sports

COVID-১৯ৰ প্ৰভাৱঃ ক্ৰিকেটাৰৰ চুলি কটাৰ ক্ষেত্ৰত নিষেধাজ্ঞা ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

author img

By

Published : Dec 24, 2020, 12:13 PM IST

Updated : Dec 24, 2020, 12:33 PM IST

COVID-১৯ৰ প্ৰ'ট'কল অনুসৰি,ডেভিদ ৱাৰ্ণাৰ আৰু ছন এব'টক ইণ্ডিয়াৰ সৈতে হৈ থকা শৃংখলাত অষ্ট্ৰেলিয়া দলৰ হৈ পুনৰ খেলাত বাধা প্ৰদান ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ।

COVID-১৯ৰ প্ৰভাৱঃ ক্ৰিকেটাৰৰ চুলি কটাৰ ক্ষেত্ৰত নিষেধাজ্ঞা ক্ৰিকেট অষ্ট্ৰেলিয়াৰ
COVID-১৯ৰ প্ৰভাৱঃ ক্ৰিকেটাৰৰ চুলি কটাৰ ক্ষেত্ৰত নিষেধাজ্ঞা ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

স্পৰ্টছ ডেস্ক, ২৪ ডিচেম্বৰ: ছিডনীত কৰ'ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত ক্ৰিকেট অষ্ট্ৰেলিয়াই COVID-১৯ৰ প্ৰ'ট'কল অনুসৰি, খেলুৱৈসকলৰ চুলি কটাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে । স্বাস্থ্যবিধি মানি ক্ৰিকেট অষ্ট্ৰেলিয়াই ডেভিদ ৱাৰ্ণাৰ আৰু ছন এব'টক ইণ্ডিয়াৰ সৈতে হৈ থকা শৃংখলাত অষ্ট্ৰেলিয়া দলৰ হৈ পুনৰ খেলাত বাধা প্ৰদান কৰিছে ।

এখন বাতৰি কাককত প্ৰকাশিত তথ্য মতে, চৰকাৰেও বিবিবি খেলুৱৈৰ বাবে নতুনকৈ বহু নিষেধাজ্ঞা জাৰি কৰা হৈছে । COVID-১৯ৰ প্ৰত্যাহ্বান হিচাপে দেখা দিলেও তৃতীয়খন টেষ্ট মেচ পৰিকল্পনা কৰা মতেই অনুষ্ঠিত কৰাৰ আশা কৰা হৈছে । ক্ৰিকেট অষ্ট্ৰেলিয়াৰ মতে,যোৱা ২১ ডিচেম্বৰত জাৰি কৰা নিষেধাজ্ঞা অনুসৰি, খেলুৱৈসকলৰ চুলি কটাকে ধৰি আন সকলো ব্যক্তিগত সাক্ষাৎ বাতিল কৰিব লাগিব । যোৱা ১ ডিচেম্বৰত জাৰি কৰা নিষেধাজ্ঞাৰ সৈতে এই নতুন নিষেধাজ্ঞা সংযুক্ত কৰা হৈছে ।

পূৰ্বে কোৱা হৈছিল যে,এনেধৰণৰ সাক্ষাতৰ সময়ত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক । নতুন নিষেধাজ্ঞাৰ জৰিয়তে ৰোষ্টোৰাৰ বাহিৰত আৰু ভিতৰত উভয়তে খোৱাত বাধা আৰোপ কৰা হৈছে । অৱশ্যে আগতে অৰ্ডাৰ দি থোৱা খাদ্য ৰোষ্টোৰাৰ পৰা আনি খোৱাত অনুমতি দিয়া হৈছে । কিন্তু সেই সময়ত খেলুৱৈসকলে দলৰ ইউনিফৰ্ম পৰিধান কৰি থাকিব নোৱাৰিব ।

লগতে পঢ়ক:দ্বিতীয় টেষ্টৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিছে ভাৰতীয় দলে

Last Updated : Dec 24, 2020, 12:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.