ETV Bharat / sports

ভাৰত বনাম দক্ষিণ আফ্ৰিকা, অভিলেখৰ এটা দিন - Cape town

কেপ টাউনৰ পিটচত এটা দিনতে মুঠ ২৩ টা উইকেটৰ পতন (IND vs SA 2nd Test)। ভাৰতে মাত্ৰ ১০ টা বলৰ ভিতৰতে হেৰুৱালে ৬ টাকৈ উইকেট । মহম্মদ ছিৰাজৰ ৬ টা উইকেটৰ আকৰ্ষণীয় স্পেল ।

IND vs SA
ভাৰত বনাম দক্ষিণ আফ্ৰিকা, অভিলেখৰ এটা দিন
author img

By ANI

Published : Jan 4, 2024, 10:59 AM IST

স্পৰ্টছ ডেস্ক,৪ জানুৱাৰী : ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয় তথা অন্তিমখন টেষ্ট চলি আছে । আজি মেচখনৰ দ্বিতীয় দিন । প্ৰথম দিনটো অতি ৰোমাঞ্চকৰ দিন আছিল আৰু বলাৰসকলৰ দিন আছিল । কিয়নো বুধবাৰে অৰ্থাৎ প্ৰথম দিনটোতে মুঠ ২৩ টা উইকেটৰ পতন হৈছিল । ই বিশ্ব টেষ্ট ইতিহাসৰ দ্বিতীয় সৰ্বাধিক উইকেট পতনৰ দিন আছিল । কেপ টাউনত অনুষ্ঠিত টেষ্ট মেচখনৰ প্ৰথম দিনটোত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল কিন্তু প্ৰথম অধিবেশনৰ ভিতৰতে অল আউট হৈছিল । ভাৰতে প্ৰথম অৱস্থাত ভাল খেলিছিল যদিও পিচত বেটিঙৰ পতন হয় আৰু ভাৰতীয় দলটোও অল আউট হয় । ইফালে তৃতীয় ইনিংছত দক্ষিণ আফ্ৰিকাই তিনিটা উইকেট হেৰুৱাই বেটিং কৰি আছে ।

টেষ্টৰ প্ৰথম দিনটোত আটাইতকৈ বেছি উইকেট আছিল ১৯০২ চনত অষ্ট্ৰেলিয়া বনাম ইংলেণ্ডৰ খেলখনৰ সময়ত । খেলখনত প্ৰথম দিনাই মুঠ ২৫ টা উইকেটৰ পতন হৈছিল ।

১৮৮৮ চনত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত টেষ্টৰ সময়তো এটা দিনত সৰ্বাধিক উইকেটৰ পতন হৈছিল ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনত ভাৰতেও কোনো ৰাণ নকৰাকৈ একেৰাহে ৬ টা উইকেট হেৰুৱাই প্ৰথম খন দেশ হিচাপে পৰিগণিত হৈছে ৷ ভাৰতে এটা সময়ত ৪ টা উইকেট হেৰুৱাই ১৫৩ ৰাণ কৰিছিল । কিন্তু ১০ টা বলৰ ভিতৰতে ভাৰত ১৫৩ ৰাণত অল আউট হয় ।

১০ টা বলৰ ভিতৰতে ভাৰতে হেৰুওৱা ৬ গৰাকী বেটছমেন আছিল ক্ৰমে কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, বিৰাট কোহলী, মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ । এনে পৰিস্থিতিৰ সন্মুখীন আন দলবোৰ হৈছে পাকিস্তান (১৯৮০ চনত কৰাচীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে), দক্ষিণ আফ্ৰিকা (১৯৯৬ চনত আহমেদাবাদত ভাৰতৰ বিৰুদ্ধে), বাংলাদেশ (২০০২ চনত ঢাকাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে) আৰু নিউজিলেণ্ড (২০১৮ চনত ডুবাইত পাকিস্তানৰ বিৰুদ্ধে) ।

উল্লেখ্য যে টেষ্ট মেচখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ২৩.২ অভাৰত মাত্ৰ ৫৫ ৰাণতে অল আউট হয় । কাইল ভেৰেইন (১৫) আৰু ডেভিদ বেডিংহাম (১২) হৈছে দুটা অংক স্পৰ্শ কৰা একমাত্ৰ দুগৰাকী খেলুৱৈ । মহম্মদ ছিৰাজে আকৰ্ষণীয় বলিঙেৰে মাত্ৰ ১৫ ৰাণ দি ৬ উইকেট দখল কৰে । আনহাতে যশপ্ৰীত বুমৰাহে (২/২৫) আৰু মুকেশ কুমাৰেও ২ উইকেট দখল কৰে ।

প্ৰথম ইনিংছত ভাৰতে ১৫৩ ৰাণত ৪ টা উইকেট হেৰুৱাইছিল । বিৰাট কোহলীৰ (৫৯ টা বলত ৪৬ ৰাণ) ৰোহিত শৰ্মা (৫০ বলত ৩৯ ৰাণ) আৰু শুভমান গিল (৫৫ টা বলত ৩৬ ৰাণ) । কিন্তু পিচত অতি কম সময়ৰ ভিতৰতে ভাৰতে বাকী ৬ টা উইকেট হেৰুৱায় । ইফালে দ্বিতীয় দিনাও খেলখন অতি ৰোমাঞ্চকৰ হ'ব বুলি আশা কৰা হৈছে । অৱশ্যে সকলোৰে মনত এটাই চিন্তা যে কেপ টাউনৰ পিটছত পুনৰ বলাৰৰ যাদু চলিব নেকি ?

লগতে পঢ়ক :ছিৰাজৰ পেচ ধুমুহাত তচনচ প্ৰ’টিয়াৰ্ছ; দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত 55 ৰাণত অল আউট দঃ আফ্ৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.