স্পৰ্টছ ডেস্ক, 15 অক্টোবৰ : ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীয়ে আইচিচি বিশ্বকাপ ২০২৩ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৷ ৰোহিত আৰু বিৰাটে এই পৰ্যন্ত বিশ্বকাপ ২০২৩ৰ ৩ খন খেলত ভাল প্ৰদৰ্শন কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ গৈছে ৷ ৰোহিত ১টা শতক আৰু ১টা অৰ্ধশতকৰে ৩খন মেচত ২১৭ ৰাণ সংগ্ৰহ কৰিছে ৷ বিৰাটে ২টা অৰ্ধশতকৰে ৩খন মেচত ১৫৬ ৰাণ সংগ্ৰহ কৰিছে ৷ এতিয়া দুয়ো তাৰকা ক্ৰিকেটাৰে চলিত বিশ্বকাপত ভাৰতীয় প্রাক্তন বেটছমেন শচীন তেণ্ডুলকাৰৰ এক ডাঙৰ অভিলেখৰ কাষ চাপিবলৈ সুযোগ পাব ৷
এতিয়ালৈকে এদিনীয়া বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰিছে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ৷ তেওঁৰ নামত ২১টা অৰ্ধশতক আছে আৰু ভাৰতৰ হৈ সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা বেটছমেনৰ তালিকাত তেওঁ প্ৰথম স্থানত আছে ৷ শচীনৰ পাছত এই তালিকাৰ দ্বিতীয় স্থানত আছে ৰোহিত শৰ্মা ৷
-
Captain Rohit Sharma has the second-most 50+ scores for India in ODI World Cups. pic.twitter.com/5wgjbUOFy1
— CricTracker (@Cricketracker) October 15, 2023 " class="align-text-top noRightClick twitterSection" data="
">Captain Rohit Sharma has the second-most 50+ scores for India in ODI World Cups. pic.twitter.com/5wgjbUOFy1
— CricTracker (@Cricketracker) October 15, 2023Captain Rohit Sharma has the second-most 50+ scores for India in ODI World Cups. pic.twitter.com/5wgjbUOFy1
— CricTracker (@Cricketracker) October 15, 2023
এদিনীয়া বিশ্বকাপত এই পৰ্যন্ত মুঠ ১১ টা অৰ্ধশতক অৰ্জন কৰা ৰোহিত শৰ্মা বৰ্তমান বিস্ফোৰক ফৰ্মত আছে ৷ এই প্ৰতিযোগিতাত যদি ৰোহিতে আৰু ১০ টা অৰ্ধশতক অৰ্জন কৰে তেন্তে তেওঁ শচীনৰ অভিলেখৰ স্তৰত উপনীত হ’ব ৷ এই তালিকাৰ তৃতীয় স্থানত বিৰাট কোহলী আছে ৷ বিৰাটে এই পৰ্যন্ত এদিনীয়া বিশ্বকাপত মুঠ ১০ টা অৰ্ধশতক অৰ্জন কৰিছে ৷ চলিত বিশ্বকাপত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰি শচীনৰ অভিলেখৰ কাষ চপাৰ সুযোগো লাভ কৰিব কোহলীয়ে ৷
ভাৰতৰ হৈ এদিনীয়া বিশ্বকাপত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত ৰোহিত দ্বিতীয় স্থানত আছে । পাকিস্তানৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি বিৰাট কোহলীক পিছ পেলায় হিটমেন ৰোহিত শৰ্মাই ৷ চলিত বিশ্বকাপৰ লীগ পৰ্যায়ত টীম ইণ্ডিয়াই ৯খন খেল খেলিব ৷ ইতিমধ্যে তাৰ ভিতৰত টীম ইণ্ডিয়াই ৩খন মেচ খেলিছে আৰু তিনিওখনতে ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰিছে ৷
-
1⃣7⃣7⃣ Intl. Hundreds in One Frame! 😃🙌#CWC23 | #TeamIndia | #INDvPAK | #MeninBlue pic.twitter.com/Pinpabl6jO
— BCCI (@BCCI) October 14, 2023 " class="align-text-top noRightClick twitterSection" data="
">1⃣7⃣7⃣ Intl. Hundreds in One Frame! 😃🙌#CWC23 | #TeamIndia | #INDvPAK | #MeninBlue pic.twitter.com/Pinpabl6jO
— BCCI (@BCCI) October 14, 20231⃣7⃣7⃣ Intl. Hundreds in One Frame! 😃🙌#CWC23 | #TeamIndia | #INDvPAK | #MeninBlue pic.twitter.com/Pinpabl6jO
— BCCI (@BCCI) October 14, 2023
এতিয়া দলটোৱে আৰু ৬ খন মেচ খেলিব লাগিব ৷ ইয়াৰ পিছত যদি ভাৰতীয় দলটো ছেমি ফাইনেল আৰু ফাইনেল খেলে তেন্তে ইয়াত মুঠ ৭ৰ পৰা ৮খন মেচ থাকিব ৷ এনে পৰিস্থিতিত এই মেচসমূহত ৰোহিত শৰ্মা আৰু কোহলীয়ে সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰাৰ সুযোগ পাব ৷ ভাৰতীয় দলৰ পৰৱৰ্তী খেলখন ১৯ অক্টোবৰত পুনেত বাংলাদেশৰ বিৰুদ্ধে হ’ব ৷
লগতে পঢ়ক : India vs Pakistan World Cup 2023: এঘাৰ জনেই বাঘ; ভাৰতীয় দললৈ ছলমান খানৰ শুভেচ্ছা