ETV Bharat / sports

Cricket world cup 2023: গুজৰাটত বিধ্বস্ত বাবৰ বাহিনী; পৰাক্ৰমেৰে 7 উইকেটত জয়ী ভাৰত - তাচপাতৰ খহিল পাকিস্তানৰ ইনিংছ

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপৰ অতি গুৰুত্বপূৰ্ণ খেলখনত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে ভাৰতে ৷ ৰোহিত শৰ্মা আৰু শ্ৰেয়াছ আয়াৰৰ দৰ্শনীয় অৰ্ধশতক তথা ভাৰতীয় বলাৰৰ চমকপ্ৰদ প্ৰদৰ্শনত বিধ্বস্ত হয় পাকিস্তান ৷

ক্ৰিকেট বিশ্বকাপৰ দ্বাদশ মেচত ভাৰত বনাম পাকিস্তান
Cricket world cup 2023
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 11:54 AM IST

Updated : Oct 14, 2023, 8:46 PM IST

স্পৰ্টছ ডেস্ক, ১৪ অক্টোবৰ : ৰোহিত শৰ্মাৰ বিস্ফোৰক বেটিঙৰ সহায়ত গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় মেন ইন ব্লু ৷ প্ৰায় 1 লাখ 32 হাজাৰ দৰ্শকেৰে পৰিপূৰ্ণ ষ্টেডিয়ামত গুঞ্জৰিত হ’ল কেৱল ইণ্ডিয়া ইণ্ডিয়া ধ্বনি ৷ বিশ্বকাপ ক্ৰিকেট 2023ৰ আটাইতকৈ আকৰ্ষিত বুলি ক’ব পৰা এই খেলখনক লৈ আশাবাদী আছিল ভাৰতীয় দলৰ লগতে ভাৰতৰ ক্ৰিকেটপ্ৰেমীও ৷ সুন্দৰ প্ৰদৰ্শনেৰে ৰোহিত বাহিনীয়ে সেই আশাক বাস্তব কৰি তুলিলে ৷

বেটিং বিপৰ্যয়ত বিধ্বস্ত পাকিস্তানে ভাৰতক জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়ে 192 ৰাণৰ লক্ষ্য ৷ ভাৰতৰ দুই অপেনাৰ শুভমন গিল আৰু অধিনায়ক ৰোহিত শৰ্মাই সুন্দৰভাৱে খেলৰ আৰম্ভণি কৰে ৷ 16 ৰাণ কৰি গিল পেভিলিয়নমুখী হোৱাৰ পিচত ৰোহিতে কোহলিৰ সৈতে বেটিং নিয়ন্ত্ৰণ কৰে যদিও কোহলিয়েও 16 ৰাণ কৰিয়েই কেচ আউট হয় ৷

তাৰ পাচত আৰম্ভ হয় ৰোহিত আৰু শ্ৰেয়াছ আয়াৰৰ মাৰমুখী বেটিং ৷ ৰোহিতে 63 বলত 86 ৰাণৰ এটা সুন্দৰ ইনিংছ খেলাৰ বিপৰীতে আয়াৰে 62 বলত 53 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ 21.4 অভাৰত দলৰ স্ক’ৰ 156 হোৱাৰ সময়তে কেচ আউট হয় ৰোহিত শৰ্মা ৷ শেষত কে এল ৰাহুল আৰু আয়াৰে মিলি ভাৰতক জয়ৰ সোৱাদ দিয়ে ৷ কে এল ৰাহুলে 19 ৰাণৰ বৰঙণি যোগায় ৷ জশপ্ৰীত বুমৰাহক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয় ৷

আনহাতে, ভাৰতীয় বলাৰসকলৰ সুন্দৰ প্ৰদৰ্শনেৰে পাকিস্তান দলৰ ইনিংছ 191 ৰাণতে সীমাবদ্ধ ৰাখে । আনকি পাকিস্তান দলে সম্পূৰ্ণ 50 অভাৰো ক্ৰিজত থাকিব নোৱাৰিলে । 42.5 অভাৰত পাকিস্তান দলে 191 ৰাণতে আটাইকেইটা উইকেট হেৰুৱায় ।

ভাৰতৰ হৈ সকলোতকৈ সফল বলাৰ হৈছে যশপ্ৰীত বুমৰাহ । বুমৰাহে 7 অভাৰত মাত্ৰ 19 ৰাণৰ বিনিময়ত দুটা উইকেট লাভ কৰে । আনহাতে, বাকী আঠটা উইকেট মহম্মদ চিৰাজ, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাই দুটাকৈ ভগাই লয় ।

পাকিস্তানৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে বাবৰ আজমে । বাবৰে অৰ্ধশতক অৰ্জন কৰাৰ পিছতে মহম্মদ চিৰাজৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে । দ্বিতীয় সৰ্বাধিক ৰাণ আহে মহম্মদ ৰিজৱানৰ বেটৰ পৰা । ৰিজৱানে 49 ৰাণ কৰি আউট হয় । আনহাতে, ইমাম-উল হক আৰু আব্দুল্লা চফিকে ক্ৰমে 36 আৰু 20 ৰাণকৈ সংগ্ৰহ কৰে ।

পাকিস্তানৰ ইনিংছৰ আৰম্ভণি ইতিবাচকভাৱেই হয় । দুয়োগৰাকী অপেনাৰ ইমাম-উল হক আৰু আব্দুল্লা চফিকে দলক দৃঢ়তাপূৰ্ণ আৰম্ভণি দিলেও মহম্মদ চিৰাজে প্ৰথমটো আঘাত হানে । দ্বিতীয়টো আঘাত হানে হাৰ্দিক পাণ্ডিয়াই । অৱশ্যে বাবৰ আৰু ৰিজৱানৰ মাজত এটা সময়ত সুন্দৰ পাৰ্টনাৰশ্বিপ হ'লেও পুনৰ বল হাতত লৈ বাবৰক পেভিলিয়নৰ ৰাস্তা দেখুৱাই চিৰাজে পাকিস্তান দলত মোক্ষম আঘাত হানে ।

পৰৱৰ্তী সময়ত নিয়মিত ব্যৱধানত পাক দলৰ এটাৰ পিছত আনটো উইকেটৰ পতন ঘটি থাকে । যাৰ বাবে পাকিস্তান দলৰ মেৰুদণ্ড একপ্ৰকাৰ ভাঙি পৰে । ভাৰতীয় পাঁচ বলাৰৰ যুটিয়ে ইটোৰ পিছত সিটো সুন্দৰ বলেৰে পাকিস্তানৰ ইনিংছক 200 ৰাণো স্পৰ্শ কৰিব নিদিলে । এতিয়া ভাৰতৰ সন্মুখত 192 ৰাণৰ বিজয় লক্ষ্য ।

উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ মাজৰ লীগ মেচখনৰ শনিবাৰে ৰঙীন আৰম্ভণি হয় । বিশ্বকাপৰ আটাইতকৈ ডাঙৰ মেচখন ভাৰতৰ সৰ্ববৃহৎ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰায় 1 লাখ দৰ্শকৰ উপস্থিতিত দুয়োটা দলে তীব্ৰ উত্তেজনাপূৰ্ণ মেচত চাপত আছিল ।

আনহাতে, ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ পাকিস্তানক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায় । ভাৰতীয় দলৰ বাবে সুখবৰ যে বিগত দুখন মেচত অসুস্থাতাৰ বাবে খেলিব নোৱাৰা শুভমন গিলৰ দললৈ প্ৰত্যাৱৰ্তন ঘটিছে । আনহাতে, ঈশান কিষাণ দলৰ পৰা বাদ পৰিছে । পৰম্পৰাগতভাৱে ভাৰত আৰু পাকিস্তান দুয়োটা দলেই এই ডাঙৰ মেচখনৰ বাবে তীব্ৰ চাপত আছিল ।

যদিও ভাৰতীয় দলটোৱে দুয়োখন মেচত জয়লাভেৰে আত্মবিশ্বাসৰ তুংগত আছে, পাকিস্তানেও শেহতীয়া মেচখনত বিশ্বকাপৰ ৰেকৰ্ড সৃষ্টিৰে সফলতাৰে অৰ্জন কৰিছিল । কিন্তু শেষ মুহূৰ্তত ভাৰতীয় বলাৰৰ হাতত ধৰাশায়ী হয় পাকিস্তানৰ বিশ্বমানৰ বেটিং লাইন-আপ ।

লগতে পঢ়ক :Cricket World Cup 2023 : আজি বিশ্বকাপত ভাৰত পাকিস্তানৰ মহাৰণ; মেচৰ পূৰ্বে বিশেষ অনুষ্ঠান

Last Updated : Oct 14, 2023, 8:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.