ETV Bharat / sports

ICC World Cup 2023 : বিশ্বকাপ ক্ৰিকেটৰ টিকট বুকিঙত সমস্যাৰ সন্মুখীন অনুৰাগী

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 4:24 PM IST

বহু অনুৰাগীয়ে বিশ্বকাপ-২০২৩ ষ্টেডিয়ামত বহি উপভোগ কৰিব বিচাৰে । তাৰ বাবে টিকট ক্ৰয় কৰিবলৈ চেষ্টা কৰি আছে । কিন্তু টিকট বিক্ৰী কৰাৰ ধৰণ তেওঁলোকে ভালপোৱা নাই ।

ICC World Cup 2023
ICC World Cup 2023

স্পৰ্টছ ডেস্ক, ২৮ আগষ্ট : বিশ্বকাপ ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত হ'ব ধৰিছে ক্ৰিকেটানুৰাগীসকল । নিজ দেশৰ মেচ ষ্টেডিয়ামত বহু উপভোগ কৰিবলৈ আৰু প্ৰিয় খেলুৱৈগৰাকীক ওচৰৰ পৰা চোৱাৰ হেঁপাহত বহুতেই ব্যগ্ৰ হৈ আছে । তাৰ বাবে এতিয়াৰে পৰাই বিশ্বকাপৰ টিকটৰ আগতীয়া বুকিঙৰ বাবে অনুৰাগীসকলে খৰখেদা লগাইছে । ইতিমধ্যে আইচিচি তথা বিচিচিআয়ে অনলাইনযোগে টিকট বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইয়াৰ বাবে অনা-ভাৰতীয় মেচসমূহৰ টিকট বিক্ৰী ২৪ আগষ্টৰ পৰা আৰু সাধাৰণ ৰাইজৰ বাবে ২৫ আগষ্টৰ নিশা ৮ বজাৰ পৰা বুকিং আৰম্ভ হৈছে । কিন্তু টিকট বুকিঙৰ সময়ত অনুৰাগীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । অনুৰাগীসকলে ইয়াৰ ফলত উদ্ভৱ হোৱা সমস্যাবোৰৰ প্ৰতি তেওঁলোকৰ বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে ।

উল্লেখ্য যে ২০১১ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতে এদিনীয়া বিশ্বকাপ আয়োজন কৰিবলৈ গৈ আছে । ক্ৰিকেট অনুৰাগীসকলে ষ্টেডিয়ামত বহি নিজৰ পচন্দৰ খেলখন উপভোগ কৰিবলৈ ব্যাকুল হৈ পৰিছে । মানুহৰ উন্মাদনা ইমানেই বেছি যে সকলোৱে প্ৰতিযোগিতাখনৰ টিকট বিক্ৰীৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল । কিন্তু যেতিয়া অপেক্ষাৰ অন্তত টিকট বিক্ৰী আৰম্ভ হয়, তেতিয়া অনুৰাগীসকল ক্ৰোধান্বিত হৈ পৰা দেখা গৈছে ।

২০২৩ চনৰ বিশ্বকাপৰ অফিচিয়েল টিকেটিং প্লেটফৰ্ম হৈছে বুকমাই শ্ব' । কিন্তু আৰম্ভণিৰে পৰা বুকমাই শ্ব'ত বেমেজালিয়ে দেখা দিছে । যাৰ ফলত নিৰ্ধাৰিত সময় সন্ধিয়া ৬ বজাৰ পৰিৱৰ্তে নিশা ৮ বজাতহে টিকট বিক্ৰী কৰা হয় । সংবাদ সংস্থা আইএএনএছে এই বিষয়টোত কিছু ক্ৰিকেট অনুৰাগীৰ সৈতে এক বিশেষ বাৰ্তালাপ কৰে ।

মুম্বাইৰ ক্ৰিকেট অনুৰাগী ছানিকা সাৱন্তে ২১ অক্টোবৰত ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'লগা ইংলেণ্ড-দক্ষিণ আফ্ৰিকা খেলৰ টিকট ক্ৰয় কৰিবলৈ চেষ্টা কৰি আছিল, কিন্তু সফল হ'ব নোৱাৰিলে । "মই সন্ধিয়া প্ৰায় ৭.৪৫ বজাত লগ ইন কৰিছিলোঁ । কিয়নো টিকট বিক্ৰী সন্ধিয়া ৮ বজাত আৰম্ভ হোৱাৰ কথা আছিল । কিন্তু নিশা ৮.৩০ বজালৈকে 'coming soon' দেখুৱাই আছিল । তাৰ পিছত বিক্ৰী আৰম্ভ হোৱাত মই লগ ইন কৰোঁ । কিন্তু তেওঁলোকে কেৱল সুনীল গাভাস্কাৰ ষ্টেণ্ডৰ টিকটহে দেখুৱাইছিল । আনহাতে, যেতিয়া মই বুকিং কৰিবলৈ চেষ্টা কৰিছিলোঁ, কোনো আসন উপলব্ধ নাছিল । মই পেজটো ৰিফ্ৰেছ কৰোঁ যদিও তাত 'sold out' দেখুৱাইছিল ।"

ইয়াৰ পিছত ছানিকাই নৰ্থ ষ্টেণ্ড গেঙৰ কেইবাজনো সদস্যৰ লগত যোগাযোগ কৰে । এই দলটো ক্ৰিকেট অনুৰাগীৰ এটা গোট, যিয়ে নিয়মীয়াকৈ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলত উপস্থিত থাকে । তেওঁলোকে কয় যে এই দলটোৰ সৈতে জড়িত বহুতেও একে সমস্যাৰ সন্মুখীন হৈছে । তেওঁলোকে অনুমান কৰিছে যে ইয়াৰ কাৰণ হৈছে বিক্ৰীৰ বাবে টিকটৰ সংখ্যাৰ স্পষ্টতাৰ অভাৱ আৰু লগতে প্ৰদান কৰিবলগা ষ্টেণ্ডৰ সংখ্যাও ।

ছানিকাই কয়, "মই ভাবোঁ যে গোটেই দলটোৰ পৰা মাত্ৰ চাৰি-পাঁচজন লোকেহে খেলখনৰ টিকট পাইছে । খেলখন চাবলৈ বহুতেই আগ্ৰহী আছিল আৰু টিকট বুক কৰিবলৈ ইচ্ছুক আছিল । মই কথা পতা বহু লোকে কৈছিল যে নৰ্থ ষ্টেণ্ডৰ টিকট খোলা নাছিল, কেৱল সুনীল গাভাস্কাৰ আৰু দিৱেশা ষ্টেণ্ডৰ বাবেহে টিকট বিক্ৰী আৰম্ভ হৈছিল... মই ভাবোঁ এতিয়া মই ঘৰৰ পৰাই বিশ্বকাপৰ এই খেলখন চাম । প্ৰথম কাৰণটো হৈছে টিকট বুকিং নোপোৱা আৰু দ্বিতীয়তে মূল্য বহুত বেছি । ১০০০-২০০০ টকা মূল্যৰ টিকটবোৰ সুনীল গাভাস্কাৰ ষ্টেণ্ডৰ বাবে, যি হৈছে এটা ফালহে দেখা পোৱা ষ্টেণ্ড । মই বেছিভাগ উত্তৰ ষ্টেণ্ড বা শচীন তেণ্ডুলকাৰৰ দৰে পোনপটীয়া দৃশ্য চাবলৈ ভালপাওঁ ।"

আন এজন অনুৰাগী বিপুল যাদৱে কৈছে যে তেওঁ মুম্বাইত তিনিখন অনা-ভাৰতীয় খেলৰ বাবে টিকট বুক কৰিবলৈ চেষ্টা কৰি আছিল । কিন্তু এটাও টিকট লাভ কৰিব পৰা নাই । "মই শুকুৰবাৰে সন্ধিয়া ৭.৪৫ বজাৰ পৰা ৱেবছাইটত অনলাইন আছিলোঁ আৰু টিকটবোৰ সন্ধিয়া ৮ বজাত উপলব্ধ হৈছিল । তাৰ পৰা নিশা ১১.৩০ বজালৈকে সকলোবোৰ প্ৰহসন আছিল । মই এনে ব্যক্তি নহয় যে কেৱল ভাৰতৰ মেচ চোৱাতে সীমাবদ্ধ থাকিব খোজোঁ । মই বিশ্বকাপৰ সকলো মেচ চাব বিচাৰোঁ । যদি মই বিশ্বকাপৰ ছেমি ফাইনেলৰ টিকট পাওঁ তেন্তে আচৰিত হ'ব । কিন্তু এই অভিজ্ঞতাটো এনেকুৱা আছিল, যিটো মই শব্দৰে বৰ্ণনা কৰিব নোৱাৰো ।"

উল্লেখ্য যে ভাৰতৰ খেলসমূহৰ টিকট ২৯ আগষ্টৰ পৰা ৩ ছেপ্টেম্বৰলৈকে অনলাইনত বিক্ৰী কৰা হ'ব । ক্ৰিকেট অনুৰাগীসকল আশাবাদী যে অনা-ভাৰতীয় খেলৰ বাবে টিকট বুকিঙৰ প্ৰক্ৰিয়াৰ সময়ত তেওঁলোকে আৰু বহু অনুৰাগীয়ে সন্মুখীন হোৱা সমস্যাবোৰ ষ্টেডিয়ামত খেলখন চাব বিচৰাসকলৰ বাবে সমাধান কৰিব লাগে ।

লগতে পঢ়ক :Indian athletic team: এছিয়ান অভিলেখ গঢ়ি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰত; প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.