ETV Bharat / sports

ICC world Cup 2023 : বিশ্বকাপৰ আম্পায়াৰ আৰু ৰেফাৰী ঘোষণা, তালিকাত জৱাগল শ্ৰীনাথ আৰু নীতিন মেনন

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 7:43 PM IST

অহা ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ'ব বিশ্বকাপ ক্ৰিকেট । ইতিমধ্যে প্ৰতিযোগিতাৰ বাবে আম্পায়াৰ আৰু ৰেফাৰীৰ তালিকা ঘোষণা কৰা হৈছে । ভাৰতৰ নীতিন মেনন আৰু জৱাগল শ্ৰীনাথো অন্তৰ্ভুক্ত হৈছে সেই তালিকাত ।

ICC world Cup 2023
বিশ্বকাপৰ আম্পায়াৰ আৰু ৰেফাৰী ঘোষণা

স্পৰ্টছ ডেস্ক,৮ ছেপ্টেম্বৰ : আইচিচি আম্পায়াৰৰ এলিট পেনেলৰ অংশ হোৱা নীতিন মেনন আৰু এলিট পেনেলৰ মেচ ৰেফাৰীৰ সদস্য জৱাগল শ্ৰীনাথ আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ লীগ পৰ্যায়ৰ ২০ গৰাকী মেচ আম্পায়াৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে । মেগা টুৰ্ণামেণ্টৰ লীগ পৰ্যায়ত ১৬ গৰাকী আম্পায়াৰ থাকিব । তাৰ ভিতৰত আছে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) এমিৰেটছ এলিট পেনেলৰ ১২ গৰাকী আম্পায়াৰ আৰু আইচিচি ইমাৰ্জিং আম্পায়াৰ পেনেলৰ ৪ গৰাকী সদস্য ।

আইচিচি আম্পায়াৰৰ ১২ গৰাকী পেনেল হৈছে ক্ৰমে ক্ৰিষ্টোফাৰ গাফনি (নিউজিলেণ্ড), কুমাৰ ধৰ্মসেনা (শ্ৰীলংকা), মাৰাইছ ইৰাচমাছ (দক্ষিণ আফ্ৰিকা), মাইকেল গফ (ইংলেণ্ড), নীতিন মেনন (ভাৰত), পল ৰাইফেল (অষ্ট্ৰেলিয়া), ৰিচাৰ্ড ইলিংৱৰ্থ (ইংলেণ্ড), ৰিচাৰ্ড কেটলবৰো (ইংলেণ্ড), ৰডনি টকাৰ (অষ্ট্ৰেলিয়া), জোৱেল উইলচন (ৱেষ্ট ইণ্ডিজ), এহসান ৰাজা (পাকিস্তান) আৰু এড্ৰিয়ান হোল্ডষ্টক (ৱেষ্ট ইণ্ডিজ) ।

আইচিচিৰ ইমাৰ্জিং আম্পায়াৰ পেনেলৰ বাকী ৪ গৰাকী আম্পায়াৰ হৈছে শ্বৰ্ফুদৌলা ইবনে শ্বাহিদ (বাংলাদেশ), পল উইলচন (অষ্ট্ৰেলিয়া), এলেক্স ৱাৰ্ফ (ইংলেণ্ড) আৰু ক্ৰিছ ব্ৰাউন (নিউজিলেণ্ড)। অভিজ্ঞ তালিকাখনত লৰ্ডছত আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০১৯ৰ ফাইনেলৰ বাবে নিযুক্ত ৪ গৰাকী আম্পায়াৰৰ ৩ গৰাকীৰ ভিতৰত অন্তৰ্ভুক্ত আছে কুমাৰ ধৰ্মসেনা, মাৰাইছ ইৰাচমাছ আৰু ৰড টকাৰ ।

অনুষ্ঠানটোত আইচিচি এলিট পেনেল অফ মেচ ৰেফাৰীত আছে এণ্ডি পাইক্ৰফ্ট (জিম্বাবোৱে), ৰিচি ৰিচাৰ্ডচন (ৱেষ্ট ইণ্ডিজ), জেফ ক্ৰো (নিউজিলেণ্ড) আৰু জৱাগল শ্ৰীনাথ (ভাৰত) । শ্ৰীনাথে ৫ অক্টোবৰত আহমেদাবাদত যোৱা বছৰৰ ফাইনেলিষ্ট ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত প্ৰতিযোগিতাৰ আম্পায়াৰৰ দায়িত্ব ল'ব । মেনন আৰু ধৰ্মসেনা স্থায়ী আম্পায়াৰ হ'ব, পল উইলচন টিভি আম্পায়াৰ হ'ব আৰু শৰফুদৌলা চতুৰ্থ আম্পায়াৰ হ'ব ।

  • Umpires for the 2023 World Cup:

    Richard Kettleborough, Nitin Menon, Chris Gaffaney, Kumar Dharmasena, Marais Erasmus, Michael Gough, Paul Reiffel, Richard Illingworth, Rod Tucker, Joel Wilson, Ahsan Raza and Adrian Holdstock. pic.twitter.com/w2mabusN4Q

    — Mufaddal Vohra (@mufaddal_vohra) September 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিজ্ঞপ্তি অনুসৰি সমগ্ৰ লীগ শাখাৰ আম্পায়াৰসকল ঘোষণা কৰা হৈছে । প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে আম্পায়াৰ বাছনি যথা সময়ত ঘোষণা কৰিব ।

আইচিচিৰ জেনেৰেল মেনেজাৰ ক্ৰিকেট ৱাছিম খানে কয় যে ইমান বৃহৎ অনুষ্ঠান সম্পাদন কৰিবলৈ প্ৰতিটো স্তৰতে উচ্চ প্ৰদৰ্শন কৰিব পৰা ব্যক্তিৰ প্ৰয়োজন । আইচিচি এলিট পেনেল অফ আম্পায়াৰ, ৰেফাৰী আৰু জড়িত আম্পায়াৰৰ এটা উদীয়মান গোটে এই বিশ্বকাপলৈ অপৰিসীম দক্ষতা, অভিজ্ঞতা আৰু বিশ্বমানৰ প্ৰদৰ্শন আগবঢ়াব ।

লগতে পঢ়ক :Cricket World Cup 2023 : ভাৰতীয় দলত মুম্বাইৰ আধিপত্য অব্যাহত; ৪ ক্ৰিকেটাৰে প্ৰতিনিধিত্ব কৰিব টীম ইণ্ডিয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.