স্পৰ্টছ ডেস্ক,৫ অক্টোবৰ : আজিৰে পৰা আৰম্ভ হৈছে আইচিচি এদিনীয়া বিশ্বকাপ ক্ৰিকেট । ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত প্ৰথমখন খেল আজি অনুষ্ঠিত হৈছে । বাকী দলবোৰেও অনুশীলন অব্যাহত ৰাখিছে । ইফালে পাকিস্তানৰ দলটো এসপ্তাহ পূৰ্বে এদিনীয়া বিশ্বকাপৰ বাবে হায়দৰাবাদত উপস্থিত হৈছিল । তাৰ মাজতে, পাকিস্তানী খেলুৱৈসকলে হায়দৰাবাদৰ এখন প্ৰসিদ্ধ হোটেলত থকাৰ সময়ত হায়দৰাবাদী খাদ্য সম্ভাৰৰ সোৱাদ লৈছে ।
শেহতীয়াকৈ তেওঁলোকে দম বিৰিয়ানীৰ (হায়দৰাবাদী বিৰিয়ানী) সোৱাদ লৈছে । এই সন্দৰ্ভত, আইচিচিয়ে শেহতীয়াকৈ সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰিছে । সেই ভিডিঅ'টোত পাকিস্তানী ক্ৰিকেটাৰসকলক সোধা হৈছিল যে হায়দৰাবাদী বিৰিয়ানী আৰু কৰাচী বিৰিয়ানীৰ মাজত কোনটো শ্ৰেষ্ঠ । তেওঁলোকে হায়দৰাবাদী বিৰিয়ানীক কেনেদৰে মূল্যাঙ্কন কৰিব সোধা হৈছিল । পাকিস্তানৰ অধিনায়ক বাবৰ আজমে প্ৰশ্নৰ উত্তৰত কৈছিল যে হায়দৰাবাদী বিৰিয়ানী অলপ মচলাযুক্ত । এয়া ইয়াৰ বিশেষত্ব । তেওঁ হায়দৰাবাদী বিৰিয়ানীক ১০ ৰ ভিতৰত ৮ নম্বৰ দিয়ে ।
আনহাতে ফাষ্ট বলাৰ হাছান আলীয়ে ইয়াক ১০ ভিতৰত ১০ নম্বৰে দিয়ে । বেটছমেন ইমাম-উল-হকে কয় যে ইয়াৰ সোৱাদ ব্যতিক্ৰম । তেওঁ ইয়াৰ সোৱাদ ইমানে ভাল পালে যে এই বিৰিয়ানীক ১০ ভিতৰত ১১ নম্বৰ দিয়ে । দুয়োগৰাকীকে দুয়োবিধ বিৰিয়ানীৰ মাজৰ পাৰ্থক্যৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল ।
বাবৰ আজমে এই সন্দৰ্ভত কয় যে হায়দৰাবাদী বিৰিয়ানী অলপ মচলাযুক্ত । বুধবাৰে অনুষ্ঠিত বিশ্বকাপ ২০২৩ৰ অধিনায়ক দিৱস উপলক্ষে পাকিস্তানৰ অধিনায়কক পুনৰ এবাৰ এই বিষয়ে সোধা হৈছিল তেওঁ হায়দৰাবাদী বিৰিয়ানী কেনেকুৱা পালে । তেওঁৰ উত্তৰ দি কয় যে তেওঁ পূৰ্বে হায়দৰাবাদী বিৰিয়ানী ভাল বুলি শুনিছিল । সেই কথা সঁচা আৰু এই বিৰিয়ানী ভাল । ইমাম-উল-হকে দুয়োবিধ বিৰিয়ানী উৎকৃষ্ট বুলি উল্লেখ কৰে ।
ইফালে, ৭ বছৰৰ পাছত ভাৰত ভ্ৰমণ কৰা পাকিস্তানী খেলুৱৈসকলক অনুৰাগীসকলে উষ্ম আদৰণি জনায় । বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাই থকা পাকিস্তান দলটোৱে ইতিমধ্যে উপ্পল ষ্টেডিয়ামত নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৱাৰ্ম-আপ মেচ খেলিছে । অৱশ্যে, পাকিস্তান এই দুয়োখন খেলতে পৰাজিত হয় । একেখন ষ্টেডিয়ামতে পাকিস্তানে ৬ অক্টোবৰত নেডাৰলেণ্ড আৰু ১০ অক্টোবৰত শ্ৰীলংকাৰ মুখামুখি হ'ব । ১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত চিৰপ্ৰতিদ্বন্দী ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক :World Cup 2023 Match No-1: উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ মুখামুখি ৰাণাৰ্ছ আপ নিউজিলেণ্ড