ETV Bharat / sports

ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবী শাস্ত্ৰীক লৈ কিয় অসন্তুষ্ট হ’ল গৌতম গম্ভীৰ ?

author img

By

Published : Nov 23, 2021, 8:56 PM IST

টি-20 বিশ্বকাপৰ পিছতে ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰাহুল দ্ৰাবিড়ক ৷ কিন্তু ইয়াৰ মাজতে ৰবী শাস্ত্ৰী (Ravi Shashtri)য়ে কোহলীৰ নেতৃত্বাধীন দলটো বিশ্বৰ শ্ৰেষ্ঠ দল বুলি কৰা মন্তব্যত অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে (Gautam Gambhir) ৷

Gautam Gambhir reacts ravi shahstri's comment on kohli led Indian team
ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবী শাস্ত্ৰীক লৈ কিয় অসন্তুষ্ট হ’ল গৌতম গম্ভীৰ ?

স্পৰ্টছ ডেস্ক, 23 নৱেম্বৰ : ‘বিৰাট কোহলীৰ নেতৃত্বাধীন ভাৰতীয় দলটো বিশ্বৰ সকলোতকৈ শ্ৰেষ্ঠ দল’ ৷ ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰী (Ravi Shashtri)ৰ এই মন্তব্যক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে (Gautam Gambhir reacts ravi shahstri's comment on kohli led Indian team) ৷ তেওঁ লগতে কয় যে, ভাৰতীয় দলটোৰ নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ পৰা আমি এনেধৰণৰ মন্তব্য শুনিবলৈ নাপাও ৷

টি-20 বিশ্বকাপৰ পিছত ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবী শাস্ত্ৰীৰ কাৰ্যকাল সমপ্ত হৈছে ৷ ইয়াৰ পিছতে দলটোৰ প্ৰশিক্ষকৰ গুৰুদায়িত্ব গ্ৰহণ কৰিছে ৰাহুল দ্ৰাবিড়ে ৷ শাস্ত্ৰীয়ে 1983 চনৰ বিশ্বকাপ জয়ৰ তুলনা ভাৰতে অষ্ট্ৰেলিয়াত টেষ্ট মেছ জয় কৰাৰ সৈতে কৰিছিল ৷

গম্ভীৰে শাস্ত্ৰীৰ মন্তব্যক লৈ অসন্তুষ্টি ব্যক্ত কৰি কয়, ‘এই মন্তব্য আন কাৰোবাৰ পৰা অহা হ’লে সেয়া গ্ৰহণযোগ্য আছিল ৷ কিন্তু এয়া অৱসৰ গ্ৰহণ কৰা প্ৰশিক্ষকৰ পৰা আহিছে, যি একেবাৰে ভাল নহয় ৷’

গৌতম গম্ভীৰ (Gautam Gambhir)এ লগতে কয়, এয়া দুখৰ বিষয় যে এনেধৰণৰ মন্তব্য তেওঁ (ৰবী শাস্ত্ৰী)ৰ তৰফৰ পৰা আহিছে ৷ আপুনি দ্ৰাবিড়ৰ পৰা এনেধৰণৰ মন্তব্য কেতিয়াও হয়তো শুনা নাই ৷ দ্ৰাবিড় আৰু অইন লোকসকলৰ মাজতে এয়াই পাৰ্থক্য ৷

উল্লেখ্য যে, ভাৰতীয় টি-20 দলটোৰ নতুন অধিনায়ক ৰোহিত শৰ্মা আৰু ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতীয় দলটোৱে কলকাতাত নিউজিলেণ্ডৰ বিৰুদ্ধে টি-20 চিৰিজত 3-0ৰ ব্যৱধানত জয়লাভ কৰিছে ৷ ইয়াৰ দ্বাৰা দলটোৱে আগন্তুক বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি-20 বিশ্বকাপৰ বাবেও নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : MS Dhoni surprises fan Ajay Gill : অৱশেষত আশা পূৰণ হ'ল অজয় গীলৰ, লগ পালে ধোনীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.