স্পৰ্টছ ডেস্ক, 21 জুলাই : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত জয় লাভ ইংলেণ্ডৰ(England won 2nd test match) ৷ মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত 113 ৰানত বৃহৎ জয় ঘৰুৱা দল ইংলেণ্ডৰ ৷ এই জয় লাভেৰে তিনিখন মেচৰ টেষ্ট শৃংখলাত 1-1 ৰ সমতা স্থাপন ৰুট বাহিনীৰ ৷
মেচখনত ইংলেণ্ড প্ৰথম ইনিংছত বৃহৎ 469 ৰান কৰি ইনিংছ ঘোষণা কৰাৰ বিপৰীতে ইয়াৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজ দলটোৱে প্ৰথম ইনিংছত 287 কৰি অল আউট হয় ৷ প্ৰথম ইনিংছৰ 182 ৰানৰ অগ্ৰগতিৰে দ্বিতীয় ইনিংছত ইংলেণ্ডে 3 টা উইকেট হেৰুৱাই 129 ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে ৷
312 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি ৱেষ্ট ইণ্ডিজ দলটো বিপৰ্যয়ৰ সন্মুখীন হৈ আৰু দলটোৱে অন্তিমটো দিনত কেৱল 198 ৰান কৰিয়ে অল আউট হয় ৷ অন্তিমটো দিনত ৱেষ্ট ইণ্ডিজ বেটছমেন সকলে মেচখন ড্ৰ’ কৰাৰ লক্ষ্যৰেও ক্ৰীজ তিষ্টি থাকিবলৈ সমৰ্থ নহয় ৷ ষ্টুৱাৰ্ড ব্ৰডে সৰ্বাধিক 3 টা উইকেট দখল কৰাৰ বিপৰীতে দুৰ্দান্ত খেলৰ প্ৰদৰ্শন কৰা বেন ষ্টকছক মেন অফ দ্য মেচ ঘোষণা কৰা হয় ৷ অন্তিম তথা নিৰ্ণায়ক মেচখন মেনচেষ্টৰতেই অহা 24 জুলাইত অনুষ্ঠিত হ’ব ৷
লগতে চাওক-চলিত বৰ্ষৰ 'বেলন ডি'অৰ-2020’ বঁটা সমাৰোহ অনুষ্ঠান বাতিল