স্পৰ্টছ ডেস্ক,১২ মাৰ্চ: টি-২০ৰ বিশ্ব ৰেংকিঙত ভাৰত ২ নম্বৰত থকাৰ সময়তে, ইংলেণ্ডৰ সন্মুখত দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে অৱতীৰ্ণ হ'ব বিচৰা নাই ভাৰতীয় দলটো । ভাৰতীয় দলটোৱে এতিয়া এক্স-ফেক্টৰ থকা একাধিক খেলুৱৈৰ সৈতে অৱতীৰ্ণ হোৱাৰ আশা কৰি আছে । ২০২০ চনৰ ডিচেম্বৰত টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াক ২-১ স্ক'ৰত পৰাস্ত কৰাৰ পিছতে ভাৰতীয় দলটোৱে বেটিঙৰ তালিকাত ব্যাপক সালসলনি কৰা দেখা গৈছে । ইংলেণ্ডৰ বিৰুদ্ধে কেইবাগৰাকী এক্স ফেক্টৰ থকা হিটাৰ বাছনি কৰিছে ভাৰতীয় দলটোৱে ।
-
️🗣️ "Very glad to have Bhuvi back."
— BCCI (@BCCI) March 11, 2021 " class="align-text-top noRightClick twitterSection" data="
Ahead of the @Paytm #INDvENG T20I series opener, #TeamIndia skipper @imVkohli speaks about @BhuviOfficial's return to the side 👍👍 pic.twitter.com/26DCpBbd90
">️🗣️ "Very glad to have Bhuvi back."
— BCCI (@BCCI) March 11, 2021
Ahead of the @Paytm #INDvENG T20I series opener, #TeamIndia skipper @imVkohli speaks about @BhuviOfficial's return to the side 👍👍 pic.twitter.com/26DCpBbd90️🗣️ "Very glad to have Bhuvi back."
— BCCI (@BCCI) March 11, 2021
Ahead of the @Paytm #INDvENG T20I series opener, #TeamIndia skipper @imVkohli speaks about @BhuviOfficial's return to the side 👍👍 pic.twitter.com/26DCpBbd90
যিসময়ত উইকেট কীপাৰ তথা বেটছমেন ঋষভ পন্তে টেষ্ট খেলত বেটৰ যাদুৰে আকৰ্ষণীয় প্ৰদৰ্শনৰ জৰিয়তে দলত প্ৰৱেশ কৰিছে, ভাৰতে মুম্বাই ইণ্ডিয়ানছৰ মধ্যক্ৰমৰ বেটছমেন ক্ৰমে ইশান কিষাণ আৰু সূৰ্যকুমাৰ যাদৱকো অন্তৰ্ভুক্ত কৰিছে দলত । ডাঙৰ শ্বট খেলিব পৰা ক্ষমতা থকা অল ৰাউণ্ডাৰ ৰাহুল তেৱাটিয়াকো অন্তৰ্ভুক্ত কৰা হৈছে দলত ৷
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত দলটোত অন্তৰ্ভূক্ত হোৱা এক্স-ফেক্টৰ থকা বেটিং অৰ্ডাৰৰ বিষয়ে অৱগত কৰে দলৰ অধিনায়ক বিৰাট কোহলীয়ে । বিশ্বকাপৰ পূৰ্বে বেটছমেন কেইজনে এই ৫ খন খেলত কেনে প্ৰদৰ্শন কৰে সেয়াও লক্ষণীয় হ'ব বুলি মন্তব্য কৰে বিৰাট কোহলীয়ে ।
টি-২০ ত বিশেষকৈ এগৰাকী বেটছমেনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু দলটোক সৰ্বাধিক ৰাণৰ লক্ষ্য স্থাপন কৰাত সহায় কৰে । কোহলীয়ে লগতে উল্লেখ কৰে যে নতুন খেলুৱৈ সকলৰ অন্তৰ্ভূক্তিৰ অৰ্থ হৈছে দলটোক বেটিং অৰ্ডাৰৰ ফালৰ পৰা শক্তিশালী কৰা । পূৰ্বৰ দৰে এজন বেটছমেনে গোটেই ইনিংছটো বেট ধৰি নিজৰ ভাগত ৰাণ সংগ্ৰহ কৰাত ব্যস্ত নাথাকে । দলটোত সম্প্ৰতি কেইবাগৰাকী বিস্ফোৰক বেটছমেন আছে ২ টা বা ৩ টা উইকেট পতন হ'লেও পৰৱৰ্তী বেটছমেনে খেল সলনি কৰিব পাৰে বুলিও দাবী কৰে অধিনায়ক গৰাকীয়ে ।
ভাৰতৰ অধিনায়গৰাকীয়ে লগতে উল্লেখ কৰে যে সম্ভৱত এই দলটোৱে থাকিব আগন্তুক অক্টোবৰ-নৱেম্বৰত ভাৰতত অনুষ্ঠিত হ'ব লগা টি-২০ বিশ্বকাপৰ বাবে । কেৱল ৰবীন্দ্ৰ জাদেজাক দলত যোগ দিয়া হ'ব ।