স্পৰ্টছ ডেস্ক, 18 ফেব্ৰুৱাৰী: নিউজিলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টি-20 মহিলা ক্ৰিকেট বিশ্বকাপৰ (ICC T20 Womens WC) গ্ৰুপ পৰ্যায়ৰ এখন খেলত আজি মুখামুখি হয় ভাৰত আৰু ইংলেণ্ড । এই খেলখনত ইংলেণ্ডৰ হাতত 11 ৰাণত পৰাস্ত হয় ভাৰত । জয়ৰ বাবে ভাৰতক প্ৰয়োজন আছিল 152 ৰাণৰ (England beat India in women T20 WC) ।
প্ৰথমে বেটিং কৰি ইংলেণ্ডে ভাৰতক নিৰ্ধাৰিত 20 অভাৰত 152 ৰাণৰ লক্ষ্য বান্ধি দিয়ে । ইংলেণ্ডৰ হৈ নাত চিভাৰ ব্ৰুন্টে 50 ৰাণ আৰু এমী জনচে 40 ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ ৰেণুকা সিঙে সৰ্বাধিক 5 টা উইকেট দখল কৰে (India England T20 womens WC) ।
ইংলেণ্ডে বান্ধি দিয়া 152 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা ভাৰতীয় দলে চতুৰ্থ অভাৰত 29 ৰাণত শেফালী বাৰ্মাৰ উইকেট হেৰুৱায় । কিন্তু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম তাৰকা খেলুৱৈ স্মৃতি মান্ধানাই চমকপ্ৰদ বেটিঙেৰে দলক স্থিতি প্ৰদান কৰে । মান্ধানাই 40 টা বলত 52 ৰাণৰ এটা সুন্দৰ ইনিংচ খেলে । ৰিচা ঘোষে 47 ৰাণেৰে দলক জয়ৰ মুখলৈ লৈ যায় ।
কিন্তু বল কমি অহাত অৱশেষত 11 ৰাণৰ ব্যৱধানত পৰাজয়ৰ মুখ দেখে ভাৰতে । এয়া মহিলা বিশ্বকাপ 2023 ত ভাৰতৰ প্ৰথম পৰাজয় ।
লগতে পঢ়ক: National Kickboxing Championship ত ৮ টা সোণৰ পদকসহ মুঠ ৩৯ টা পদক লাভ অসম দলৰ