ETV Bharat / sports

WTC Final : বৰষুণৰ বাবে বাতিল হ’ল টছ

বৰষুণৰ বাবে বাতিল হয় ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (World Test Championship)ৰ ফাইনেল মেচৰ টছ (Toss) ৷ টুইটাৰযোগে BCCIয়ে এই কথা জানিবলৈ দিয়ে ৷

author img

By

Published : Jun 18, 2021, 5:30 PM IST

WTC final
WTC final

স্পৰ্টছ ডেস্ক,18 জুন : শুকুৰবাৰৰ পৰা ভাৰত আৰু নিউজিলেণ্ডৰ মাজত Ageas Bowl ষ্টেডিয়ামত আৰম্ভ হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (World Test Championship)ৰ ফাইনেল মেচৰ টছ (Toss) বাতিল হয় ৷ বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয় টছ প্ৰক্ৰিয়া ৷ টুইটাৰযোগে এই কথা সদৰি কৰে BCCI য়ে ৷

বিয়লি 3 বজাৰ পৰা প্ৰথম দিনৰ মেচ আৰম্ভ হোৱাৰ কথা আছিল যদিও বৰষুণৰ বাবে ষ্টেডিয়ামৰ অৱস্থা শোচনীয় হৈ পৰে, যাৰ ফলস্বৰূপে স্থগিত ৰাখিবলগীয়া হয় এই মেচ ৷ উল্লেখ্য যে, নিউজিলেণ্ডৰ চাউথেম্পটন (Southampton)ত প্ৰায়ভাগ সময়তে এনেধৰণৰ আকস্মিক বৰষুণ হোৱা পৰিলক্ষিত হয় ৷

যদিও আইচিচি (ICC)ৰ টেষ্ট ৰেংকিঙত ভাৰতে শেহতীয়াকৈ দ্বিতীয় স্থানত বৰ্তি থকাৰ তথ্য পোহৰলৈ আহিছে, কিন্তু বিৰাট কোহলী (Virat Kohli)ৰ নেতৃত্বত থকা ভাৰতীয় দলটোৱে বিগত দুবছৰত অধিক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (World Test Championship)ৰ ফাইনেলত খেলাৰ বাবে অধিক অনুশীলনত ব্ৰতী হৈছিল ভাৰতীয় দলটোৱে ৷

  • Update: Unfortunately there will be no play in the first session on Day 1 of the ICC World Test Championship final. #WTC21

    — BCCI (@BCCI) June 18, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পূৰ্বে টেষ্ট শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাচত নিউজিলেণ্ড দলটোৱে টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ভাৰত আৰু নিউজিলেণ্ড দুয়োটা শক্তিশালী দলৰ শক্তিশালী প্ৰদৰ্শনক লৈ অপেক্ষাৰত দৰ্শকসকল ৷

WTC ৰ ফাইনেলত জয়ী হোৱা দলটোক ‘ICC Test Championship’ খিতাপৰ লগতে 12 কোটি টকাৰে পুৰস্কৃত কৰা হ’ব ৷ এই সন্দৰ্ভত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে কয় যে, দলটোৰ বাবে এয়াই শেষ সীমা নহয় ৷ ভাৰতীয় টেষ্ট টীম হিচাপে এয়া মাথো অন্য এক অভিলেখহে হ’ব ৷

লগতে পঢ়ক : WTC ফাইনেল: ভাৰত-নিউজিলেণ্ডৰ শক্তি আৰু দুৰ্বলতাৰ চমু আলোকপাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.