ETV Bharat / sports

বিশ্বকাপ ক্ৰিকেট : অনুষ্ঠিত হ'ব দুখনকৈ মেচ - পাকিস্তান বনাম আফগানিস্তান

শনিবাৰে বিশ্বকাপ ক্ৰিকেট, ২০১৯ ত দুখনকৈ মেচত অনুষ্ঠিত হ'ব । এখন মেচত পাকিস্তানে আফগানিস্তানৰ মুখামুখি হোৱাৰ পৰিৱৰ্তে আনখন মেচত অষ্ট্ৰেলিয়াই নিউজিলেণ্ডৰ মুখামুখি হ'ব ।

বিশ্বকাপ ক্ৰিকেট, ২০১৯
author img

By

Published : Jun 29, 2019, 10:37 AM IST

নিউজ ডেস্ক, ২৯ জুন : ইংলেণ্ড আৰু ৱেলচত অনুষ্ঠিত হৈ থকা ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰতিযোগিতা বিশ্বকাপ, ২০১৯ ত শনিবাৰে অনুষ্ঠিত হ'ব দুখনকৈ গুৰুত্বপূৰ্ণ মেচ । বিশ্বকাপৰ ৩৬ সংখ্যক মেচত এছিয়াৰ দুই দল পাকিস্তান আৰু আফগানিস্তানে যুঁজত নামিব । ধাৰাবাহিকভাৱে দুখনকৈ মেচত জয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা ছৰফৰাজ বাহিনীয়ে পইন্ট টেবুলত ষষ্ঠ স্থানত থকাৰ উপৰি ছেমি ফাইনেলত স্থান লাভৰ আশাৰে যুঁজত অৱতীৰ্ণ হ'ব । ইয়াৰোপৰি, গুলবদিন নাইব নেতৃত্বাধীন আফগানিস্তান দলে এখনো মেচত জয় লাভ কৰিবলৈ সক্ষম নহ'লেও শনিবাৰৰ মেচত ভাল প্ৰদৰ্শনৰ আশা ৰাখিছে ।

বিশ্বকাপ ক্ৰিকেট : অনুষ্ঠিত হ'ব দুখনকৈ মেচ

আনহাতে, বিশ্বকাপৰ আন এখন মেচত শনিবাৰে ল'ৰ্ডছত অৱতীৰ্ণ হ'ব ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড দল । পাকিস্তানৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱা নিউজিলেণ্ডে ৩৭ সংখ্যক মেচত এৰণ ফিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়েৰে ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰাৰ লক্ষ্যৰে নামিব । আনহাতে, অষ্ট্ৰেলিয়াই পইন্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰাৰ লগতে ছেমি ফাইনেলতো স্থান সুনিশ্চিত কৰিছে ।

WORLD CUP, 2019 : TWO MATCHES

বিশ্বকাপ ক্ৰিকেট : অনুষ্ঠিত হ'ব দুখনকৈ মেচ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.