নিউজ ডেস্ক, 30 মে': ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছেনে বিশ্বকাপ, 2019ৰ 'ফেভাৰেট' আয়োজক ইংলেণ্ড আৰু ভাৰত বুলি মন্তব্য কৰিছে ৷ এই দুই দলৰ নাম ল'লেও 'ডাৰ্ক হৰ্ছ' অষ্ট্ৰেলিয়া আৰু 'আনপ্ৰেডিক্টেবল' ৱেষ্ট ইণ্ডিজেও প্ৰতিযোগিতাত বাজি মৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি দাবী কৰে তেওঁ ৷ ইংলেণ্ড দলৰ বৰ্তমানৰ অধিনায়ক ইয়ন মৰ্গানৰ সৈতে পূৰ্বে খেলা পিটাৰছেনে অধিনায়ক গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ লগতে জনাই যে,মৰ্গানে ইংলেণ্ড দলটোক সম্পূৰ্ণৰূপে সলাই পেলাইছে ৷

