ETV Bharat / sports

তেনেই নগণ্য কোহলীৰ নক আউট পৰ্যায়ৰ প্ৰদৰ্শন ! - নক আউট পৰ্যায়

টীম ইণ্ডিয়াৰ অধিনায়ক কোহলীয়ে নক আউট পৰ্যায়ত প্ৰতিবাৰেই দুৰ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে । এইয়া দলটোৰ বাবে চিন্তাৰ কাৰণ ।

বিৰাট কোহলী
author img

By

Published : Jul 12, 2019, 1:56 PM IST

স্পৰ্টছ ডেস্ক, ১২ জুলাই : যোৱা কিছু সময়ৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ বেটছমেন হিচাপে অধিষ্ঠিত হৈ আহিছে । ৩০ বৰ্ষীয় ক্ৰিকেটাৰ গৰাকীৰ দখলত আছে এদিনীয়া ক্ৰিকেটৰ ১১,০০০ তকৈও অধিক ৰাণ আৰু ৪১ টাকৈ শতক ।

কিন্তু, এদিনীয়াৰ নক আউট পৰ্যায়লৈ লক্ষ্য কৰিলে দলৰ বাবে তেওঁৰ ভূমিকা লক্ষ্যণীয় নহয় ।

ETV BHARAT ASSAM
বিৰাট কোহলী

* বৰ্তমানলৈকে কোহলীয়ে নক আউট পৰ্যায়ৰ ১৪ টা ইনিংছত গড় হিচাপে কেৱল ৩১.৩৬ হে সংগ্ৰহ কৰিছে ।

* উল্লেখযোগ্য যে, বিশ্বৰ শীৰ্ষ দল সমূহৰ বিৰুদ্ধে নক আউট পৰ্যায়ত অংশগ্ৰহণ কৰিলে কোহলীৰ গড় ৰাণ হ্ৰাস পায় । শীৰ্ষ দলসমূহৰ বিৰুদ্ধে গড়ে কেৱল ২৯.১৬ হে কৰিবলৈ সক্ষম হৈছে তেওঁ ।

* এই ১৪ টা ইনিংছৰ ২ টা ইনিংছতহে তেওঁ ৫০+ ৰাণ কৰিবলৈ সক্ষম হৈছে ।

* তেওঁৰ ষ্ট্ৰাইক ৰেটতো সেই একে ছবি দেখিবলৈ পোৱা যায় । অন্য এদিনীয়াত যেনেকৈ তেওঁৰ ষ্ট্ৰাইক ৰেট ৯১.০ হয় কিন্তু নক আউট পৰ্যায়ত তেওঁৰ ষ্ট্ৰাইক ৰেট ৮৩.১৩ লৈ হ্ৰাস পায় ।

ETV BHARAT ASSAM
বিৰাট কোহলী

ইয়াৰোপৰি, নক আউট পৰ্যায়ৰ ৬ খনকৈ মেচত তেওঁ কেৱল ৭৩ ৰাণ সংগ্ৰহ কৰাৰ লগতে গড় হিচাপে ১২.১৬ আৰু ষ্ট্ৰাইক ৰেট ৫৬.১৫ হে সংগ্ৰহ কৰিছে । তেওঁৰ সৰ্বাধিক ৰাণ হৈছে ৩৫ ।

বিশ্বকাপৰ নক আউটত বিৰাট কোহলী -

* ২০১১ বৰ্ষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল - ২৪ ৰাণ

* পাকিস্তানৰ বিৰুদ্ধে ২০১১ বৰ্ষৰ ছেমি ফাইনেল - ৯ ৰাণ

* শ্ৰীলংকাৰ বিৰুদ্ধে ২০১১ বৰ্ষৰ ফাইনেল - ৩৫ ৰাণ

* বাংলাদেশৰ বিৰুদ্ধে ২০১৫ বৰ্ষৰ কোৱাৰ্টাৰ ফাইনেল - ৩ ৰাণ

* অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০১৫ বৰ্ষৰ ছেমি ফাইনেল - ১ ৰাণ

* ২০১৯ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল - ১ ৰাণ

ETV BHARAT ASSAM
বিৰাট কোহলী

উল্লেখনীয় যে, বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ জনৰ ছেমি ফাইনেলৰ প্ৰদৰ্শন অত্যন্ত পুতৌজনক । ছেমি ফাইনেলৰ ৩ টাকৈ ইনিংছত কোহলীয়ে ৩.৬৭ গড়েৰে কেৱল ১১ ৰাণহে সংগ্ৰহ কৰিছে । তেওঁৰ এই প্ৰদৰ্শন প্ৰাক্তন অষ্ট্ৰেলিয়ান বলাৰ গ্লেন মেকগ্ৰাথতকৈও নিকৃষ্ট মানদণ্ডৰ ।

এইটো সঁচা যে, কোহলী বৰ্তমানৰ ক্ৰিকেট বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ । কিন্তু নক আউটৰ দৰে গুৰুত্বপূৰ্ণ মেচত তেওঁৰ প্ৰদৰ্শন খুৱেই নিকৃষ্টতম ।

THREE STATS PROVE THAT KOHLI IS NOT A BIG MATCH PLAYER

SOURCE - ENGLISH DESK
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.