নিউজ ডেস্ক : ক্ৰিকেট প্ৰেমী সকললৈ এক দুঃখবৰ ৷ ক্ৰিকেটৰ আটাইকেইটা ফৰমেটৰ পৰা অৱসৰ ঘোষণা কৰিলে দক্ষিণ আফ্ৰিকাৰ অন্যতম বেগী বলাৰ ডেল ষ্টেইনে ৷ মঙলবাৰে টুইটাৰ যোগে এই কথা ঘোষণা কৰিছে ক্ৰিকেটাৰ গৰাকীয়ে ৷ 2019 চনতে ক্ৰিকেটাৰ গৰাকীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল যদিও এদিনীয়া আৰু টি-20 ফৰমেটৰ মেচ সমূহ খেলি আছিল ৷ কিন্তু অৱশেষত মঙলবাৰে অগণন অনুৰাগীক হতাশ কৰি ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা বিদায় ল’লে ক্ৰিকেটাৰ গৰাকীয়ে ৷
অৱসৰ ঘোষণা কৰা টুইটটোত ক্ৰিকেটাৰ গৰাকীয়ে উল্লেখ কৰে যে, ‘‘আজি মই আনুষ্ঠানিকভাৱে মোৰ আটাইতকৈ প্ৰিয় ক্ৰীড়াবিধৰ পৰা অৱসৰ লৈছোঁ ৷ এই শুভ ক্ষণত মোৰ পৰিয়ালৰ পৰা সতীৰ্থ, সাংবাদিকৰ পৰা অনুৰাগীলৈকে সকলোকে ধন্যবাদ জনাইছোঁ ৷ এইয়া মোৰ বাবে এক অবিশ্বাস্য যাত্ৰা আছিল ৷ 20 বছৰ ধৰি চলা প্ৰশিক্ষণ, খেল, ভ্ৰমণ, জয়, পৰাজয় আনন্দ আৰু ভাতৃত্ববোধবোৰ সদায় স্মৃতি হৈ থাকিব ৷ এইসময়ত ধন্যবাদ জনোৱাৰ বাবে বহুতো মুখ মনলৈ আহিছে’’ ৷
-
Announcement. pic.twitter.com/ZvOoeFkp8w
— Dale Steyn (@DaleSteyn62) August 31, 2021 " class="align-text-top noRightClick twitterSection" data="
">Announcement. pic.twitter.com/ZvOoeFkp8w
— Dale Steyn (@DaleSteyn62) August 31, 2021Announcement. pic.twitter.com/ZvOoeFkp8w
— Dale Steyn (@DaleSteyn62) August 31, 2021
উল্লেখ্য যে, ডেল ষ্টেইনে 22.95 গড়ে 439 টা উইকেট লৈ টেষ্ট ফৰমেট সমাপ্ত কৰিছিল ৷ 93 খন টেষ্ট মেচ খেলা ষ্টেইন হৈছে টেষ্ট ফৰমেটত দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী ৷ তেওঁ 2019 চনতে শ্বন পোলকক অতিক্ৰম কৰিছিল ৷ সোঁহাতীয়া বেগী বলাৰ গৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ হৈ 125 খন এদিনীয়া আৰু 47 খন টি-20 খেলিছিল ৷ দুয়োটা ফৰমেটত তেওঁ 260 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷
আনহাতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(IPL)ত ষ্টেইনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, চানৰাইজাৰ্ছ হায়দৰাবাদ, ডেক্কান চাৰ্জাৰ্ছ আৰু গুজৰাট লায়ন্সক প্ৰতিনিধিত্ব কৰিছিল ৷
লগতে পঢ়কঃ Paralympics: ভাৰতীয় জেভলিন থ্ৰ'ৱাৰ সুমিত আন্টিলে শিৰ উচ্চ কৰিলে দেশৰ