ETV Bharat / sports

সতীৰ্থলৈ সকীয়নি পাকিস্তানৰ অধিনায়কৰ

পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক ছৰফৰাজ আহমেদে দলৰ সতীৰ্থলৈ প্ৰেৰণ কৰিছে সকীয়নি । আগন্তুক মেচ কেইখনত পৰাজয়বৰণ কৰিলে নিজ দেশৰ জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়াই দিছে ছৰফৰাজে ।

author img

By

Published : Jun 18, 2019, 8:22 PM IST

সতীৰ্থলৈ সকীয়নি পাকিস্তানৰ অধিনায়কৰ

নিউজ ডেস্ক, ১৮ জুন : টীম ইণ্ডিয়াৰ হাতত বিশ্বকাপৰ মুখামুখিত শোচনীয় পৰাজয়ৰ পাছতে সতীৰ্থলৈ সকীয়নি প্ৰেৰণ কৰিছে পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক ছৰফৰাজ আহমেদে । আগন্তুক মেচ কেইখনত পৰাজয়বৰণ কৰিলে নিজ দেশৰ জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়াই দিছে ছৰফৰাজে । উল্লেখ্য যে, ভাৰতৰ হাতত ৮৯ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত হোৱাৰ পাছতে পাকিস্তানী ক্ৰিকেটাৰ সকলে ক্ৰিকেটপ্ৰেমীৰ লগতে প্ৰাক্তন ক্ৰিকেটাৰ সকলৰ সমালোচনাৰ সন্মুখীন হৈছিল । ৫ খনকৈ মেচৰ পৰা মাত্ৰ ৩ পইন্টহে গোটাবলৈ সক্ষম হোৱা দলটোৱে এতিয়া পইন্ট তালিকাৰ নৱম স্থানত ৰৈছেগৈ ।

ETV BHARAT ASSAM
সতীৰ্থলৈ সকীয়নি পাকিস্তানৰ অধিনায়কৰ

প্ৰাক্তন পাকিস্তানী বলাৰ ছোয়েব আখটাৰে ছৰফৰাজৰ অধিনায়কত্বক 'মগজুহীন' আখ্যা দিছিল । ইয়াৰ পাছতে ছোয়েৱ মালিকৰো ভাৰতৰ বিৰুদ্ধে মেচৰ পূৰ্বে এখন ৰেষ্টুৰেন্টত সময় কটোৱা ভিডিঅ' ভাইৰেল হৈছিল । সমগ্ৰ ঘটনাৰ পাছত ছৰফৰাজে নিজৰ সতীৰ্থক বেয়া অভিজ্ঞাতাবোৰ পাহৰি দলৰ স্বাৰ্থত যুঁজ দিবৰ বাবে সাজু হ'বলৈ আহ্বান জনায় । উল্লেখ্য যে, পাকিস্তানে পৰবৰ্তী মেচত জুনৰ ২৩ তাৰিখে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ।

SARFARAZ WARNS TEAMMATES TO GET READY FOR THE WRATH OF PUBLIC IN PAKISTAN

সতীৰ্থলৈ সকীয়নি পাকিস্তানৰ অধিনায়কৰ

নিউজ ডেস্ক, ১৮ জুন : টীম ইণ্ডিয়াৰ হাতত বিশ্বকাপৰ মুখামুখিত শোচনীয় পৰাজয়ৰ পাছতে নিজৰ সতীৰ্থলৈ সকীয়নি প্ৰেৰণ কৰিছে পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক ছৰফৰাজ আহমেদে । আগন্তুক মেচ কেইখনত পৰাজয়বৰণ কৰিলে নিজ দেশৰ জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়াই দিছে ছৰফৰাজে । উল্লেখ্য যে, ভাৰতৰ হাতত ৮৯ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত হোৱাৰ পাছতে পাকিস্তানী ক্ৰিকেটাৰ সকলে ক্ৰিকেটপ্ৰেমীৰ লগতে প্ৰাক্তন ক্ৰিকেটাৰ সকলৰ সমালোচনাৰ সন্মুখীন হৈছিল । ৫ খনকৈ মেচৰ পৰা মাত্ৰ ৩ পইন্টহে গোটাবলৈ সক্ষম হোৱা দলটোৱে এতিয়া পইন্ট তালিকাৰ নৱম স্থানত ৰৈছেগৈ ।

প্ৰাক্তন পাকিস্তানী বলাৰ ছোয়েব আখটাৰে ছৰফৰাজৰ অধিনায়কত্বক 'মগজুহীন' আখ্যা দিছিল । ইয়াৰ পাছতে ছোয়েৱ মালিকৰো ভাৰতৰ বিৰুদ্ধে মেচৰ পূৰ্বে এক ৰেষ্টুৰেন্টত সময় কটোৱা ভিডিঅ' ভাইৰেল হৈছিল । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.