নিউজ ডেস্ক, 6 জুলাই : বিশ্বকাপ ক্ৰিকেট, 2019 ৰ পইন্ট তালিকাৰ শীৰ্ষস্থান দখলকাৰী অষ্ট্ৰেলিয়া দল শনিবাৰে এখন মেচত মুখামুখি হ'ব দক্ষিণ আফ্ৰিকাৰ ৷ বিশ্বকাপত অষ্ট্ৰেলিয়াই 7 খনকৈ মেচত জয়ী হৈ 14 পইন্টেৰে তালিকাৰ শীৰ্ষ স্থান দখল কৰিছে ৷ ইয়াৰোপৰি, কেৱল দুখন মেচতহে জয়ী হোৱা দক্ষিণ আফ্ৰিকা দলটো ইতিমধ্যেই টুৰ্ণামেন্টৰ পৰা বাহিৰ হৈছে ৷
অষ্ট্ৰেলিয়াৰ হৈ শনিবাৰৰ মেচত মুখ্য ভূমিকা পালন কৰিব লগীয়া খেলুৱৈ সকল হৈছে ডেভিদ ৱাৰ্ণাৰ, মিটছেল ষ্টাৰ্ক, এৰণ ফিন্স, মাৰ্কাছ ষ্টইনিছ ৷ ইয়াৰোপৰি, কুইন্টন ডি কক, কাগিছো ৰাবাডা, ইমৰান তাহিৰে দক্ষিণ আফ্ৰিকাৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷