নিউজ ডেস্ক, 24 জুন : দেওবাৰে ল'ৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত বিশ্বকাপৰ এখন মেচত পাকিস্তানৰ হাতত 49 ৰাণৰ ব্যৱধানত পৰাস্ত হয় দক্ষিণ আফ্ৰিকা ৷ ভাৰতৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শন কৰি অনুৰাগী তথা প্ৰাক্তন ক্ৰিকেটাৰৰ সমালোচনাৰ সন্মুখীন হোৱা পাকিস্তানে দেওবাৰৰ মেচত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ কৰে ৷ প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাৰ সন্মুখত 309 ৰাণৰ সীমা বান্ধি দিয়ে পাকিস্তানে ৷ পাকিস্তানৰ হৈ হৰিশ ছোহেইলে সৰ্বাধিক 89 ৰাণ কৰাৰ উপৰি বাবৰে আজমে 69 ৰাণ সংগ্ৰহ কৰে ৷
309 ৰাণৰ সীমা অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাৰ অ'পেনাৰ হাছিম আমলাই 2 ৰাণতে পেভিলিয়নলৈ উভটে ৷ দক্ষিণ আফ্ৰিকাৰ হৈ অধিনায়ক ফাফ ডু প্লেছিয়ে 63 ৰাণ কৰাৰ উপৰি কুইন্টন ডি ককে 47 ৰাণৰ ইনিংছ খেলে ৷ কিন্তু সুন্দৰ বলিঙেৰে উজলি উঠা পাকিস্তান দলে দক্ষিণ আফ্ৰিকাক 259 ৰাণতে সীমাবদ্ধ ৰাখিবলৈ সক্ষম হয় ৷