নিউজ ডেস্ক, 30 জুন : ক্ৰীড়া ক্ষেত্ৰত ভাৰত আৰু পাকিস্তানৰ শত্ৰুতা সৰ্বজনবিদিত ৷ খেলপথাৰত নামিলেই দুয়োদল আৱেগিক হৈ পৰাৰ সমানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলোৰে দৃষ্টিও আকৰ্ষণ কৰে ৷ কিন্তু শনিবাৰে দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য ৷ কিয়নো এইখন মাচত ভাৰতক সমৰ্থনত থিয় দিব পাকিস্তানৰ ক্ৰীড়াপ্ৰেমী ৷
এদিনৰ বাবে হ'লেও চিৰবৈৰী ৰাষ্ট্ৰ দুখনে শত্ৰুতা একাষৰীয়া কৰি ভাৰতক সমৰ্থনত থিয় দিব ৷ পাকিস্তানে ভাৰতক সমৰ্থন কৰাৰ অন্যতম কাৰণ হৈছে ভাৰতে এই মেচত জয় লাভ কৰিলে পাকিস্তানৰ ছেমি ফাইনেলত প্ৰৱেশৰ পথ সুগম হ'ব ৷ উল্লেখ্য যে, একেলেথাৰিয়ে 3 খনকৈ মেচত জয়ী হোৱাৰ পাছত ছৰফৰাজ খান নেতৃত্বাধীন দলটোৱে আয়োজক ইংলেণ্ডক পইন্ট তালিকাৰ পৰা পিছলৈ ঠেলি চতুৰ্থ স্থানলৈ উন্নীত হয় ৷