স্পৰ্টছ ডেস্ক, ১২ জুলাই : নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল মেচত পৰাজয় বৰণ কৰাৰ পাছতে ভাৰতীয় অ'পেনাৰ ৰোহিত শৰ্মাই চ'ছিয়েল মিডিয়াৰ জৰিয়তে আৱেগিক মন্তব্য কৰে । ৰোহিতে স্বীকাৰ কৰে যে, দলৰ প্ৰয়োজনত তেওঁলোকে প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱাৰ লগতে ৩০ মিনিটৰ দুৰ্বল প্ৰদৰ্শনে মেচ খন টীম ইণ্ডিয়াৰ হাতৰ পৰা কাঢ়ি নিলে । লগতে কয় যে, অনুৰাগী সকলৰ দৰে তেওঁৰ অন্তৰ খনো গধুৰ হৈ আছে । দেশৰ প্ৰতিজন লোকৰ সমৰ্থন অতুলনীয় আছিল বুলি মন্তব্য কৰি গ্ৰেট বিটেইনৰ ষ্টেডিয়াম সমূহ নীলা ৰঙেৰে ভৰাই তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে সকলোকে ।
উল্লেখ্য যে, ৬৪৮ ৰাণ সংগ্ৰহেৰে টুৰ্ণামেন্টৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা । বিশ্বকাপ, ২০১৯ ত সৰ্বাধিক ৫ টা শতক অৰ্জনেৰে অভিলেখৰ অধিকাৰী হয় তেওঁ । ভাৰতে গ্ৰুপ মেচত দুৰ্দান্ত প্ৰদৰ্শনেৰে পইন্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল । কিন্তু ছেমি ফাইনেলত বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা দলটোৱে নিউজিলেণ্ডৰ হাতত পৰাজয়বৰণ কৰি বিশ্বকাপৰ পৰা বাহিৰ হ'ব লগা হয় ।