ETV Bharat / sports

বিশ্বকাপৰ অনুশীলন মেচত বৃহৎ জয় ইংলেণ্ডৰ - ইংলেণ্ড

প্ৰথমখন অনুশীলন মেচত পৰাজয়ৰ পিছত শক্তিশালী প্ৰত্যাৱৰ্তন বিশ্বকাপ আয়োজক দেশ ইংলেণ্ডৰ ৷ 9 উইকেটত পৰাস্ত আফগানিস্তান ৷

বিশ্বকাপৰ অনুশীলন মেচত বৃহৎ জয় ইংলেণ্ডৰ
author img

By

Published : May 28, 2019, 4:53 AM IST

স্পৰ্টছ ডেস্ক, 28 মে’: সোমবাৰে ইংলেণ্ড আৰু আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা অনুশীলন মেচত বৃহৎ জয় লাভ ইংলেণ্ড ক্ৰিকেট দলৰ ৷ আফগানিস্তানে দিয়া 161 ৰানৰ লক্ষ্য কেৱল 17.3 অভাৰতে অতিক্ৰম কৰিবলৈ সক্ষম হয় এইবাৰৰ বিশ্বকাপৰ শক্তিশালী দলৰ অন্যতম ইংলেণ্ড ক্ৰিকেট দলটোৱে ৷ আফগানিস্তানে ইংলেণ্ডৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি মাত্ৰ 38.4 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 160 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

etv bharat
বিশ্বকাপৰ অনুশীলন মেচত বৃহৎ জয় ইংলেণ্ডৰ

আফগানিস্তানৰ হৈ মহম্মদ নাবীয়ে 44 আৰু নুৰ আলি জাদৰাণে 30 ৰান কৰে ৷ ইংলেণ্ডৰ হৈ 3-3 টা কৈ উইকেট দখল কৰে জফ্ৰা আৰ্চাৰে আৰু জু ৰুটে ৷ 161 ৰান লক্ষ্য অতিক্ৰম কৰিবলৈ আহি ইংলেণ্ডে 17.3 অভাৰতে 1 উইকেট হেৰুৱাই বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হয় ৷ ইংলেণ্ডৰ হৈ সৰ্বাধিক অপৰাজিত 89 ৰান কৰে জেছন ৰয়ে ৷

ETV BHARAT
জেছন ৰয়ৰ অপৰাজিত 89 ৰান

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা অনুশীলন মেচত 12 ৰানত পৰাস্ত হৈছিল ইংলেণ্ড দলটো ৷ আনহাতে আফাগানিস্তান দলটোৱে 3 উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল পাকিস্তানক ৷

লগতে চাওকঃ বিশ্বকাপৰ ছিক্সাৰ কিং !

Intro:Body:

ENGLAND WIN OVER AFG WARM UP MATCH

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.