স্পৰ্টছ ডেস্ক, 19 জুন : বিশ্বকাপ ক্ৰিকেট, 2019 ৰ এখন মেচতহে জয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা দক্ষিণ আফ্ৰিকা দলে বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ৷ প্ৰথম তিনিখনকৈ খেলত পৰাস্ত হোৱা দক্ষিণ আফ্ৰিকাই আফগানিস্তানৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শনেৰে জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আফগানিস্তানৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন দেখুওৱা দক্ষিণ আফ্ৰিকাৰ বেটছমেন হাছিম আমলাৰ ফৰ্মে দলটোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে ৷

ইয়াৰোপৰি, নিউজিলেণ্ড দলে বেটে - বলে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ লগতে এখনো মেচত পৰাস্ত নোহোৱাকৈ তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰিছে ৷