নিউজ ডেস্ক, ৭ মে': শুকুৰবাৰে ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে এম. এছ. ধোনীৰ শেহতীয়া গ্ল'ভছ বিবাদ সম্পৰ্কত মন্তব্য আগবঢ়াইছে । ৰিজিজুয়ে তেওঁৰ বক্তব্যত কয় যে, যিহেতু ধোনীয়ে গ্ল'ভছ পিন্ধাৰ সৈতে কোনো ধৰণৰ ৰাজনীতি জড়িত নাই সেয়েহে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে খেলুৱৈ গৰাকীৰ সমৰ্থনত থিয় দিয়া উচিত । বিচিচিআইয়ে আইচিচিৰ সৈতে এই বিবাদৰ সোনকালে নিস্পত্তি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ জানিবলৈ দিয়ে যে, ধোনীৰ পৰিচয়ে দেশৰ পৰিচয়, ভাৰতীয় সৈন্য বাহিনীৰ পৰিচয় আৰু ইয়াৰ সৈতে কোনো ৰাজনীতি জড়িত নাই সেয়েহে বিচিচিআই তেওঁৰ সৈতে থিয় দিয়া উচিত ।
ধোনীৰ সমৰ্থনত থিয় দিব লাগে বিচিচিআই : ৰিজিজু - M. S. DHONI
ভাৰতীয় ক্ৰিকেট তাৰকা এম. এছ. ধোনীৰ শেহতীয়া গ্ল'ভছ বিবাদ সম্পৰ্কত মন্তব্য আগবঢ়াইছে ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে ৷ এই বিবাদটো কোনো কাৰণতে ৰাজনীতিৰ সৈতে জড়িত নহয় বুলি দাবী কৰাৰ লগতে ধোনীৰ সমৰ্থনত বিচিচিআই থিয় দিব লাগে বুলি তেওঁ জনায় ৷
নিউজ ডেস্ক, ৭ মে': শুকুৰবাৰে ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে এম. এছ. ধোনীৰ শেহতীয়া গ্ল'ভছ বিবাদ সম্পৰ্কত মন্তব্য আগবঢ়াইছে । ৰিজিজুয়ে তেওঁৰ বক্তব্যত কয় যে, যিহেতু ধোনীয়ে গ্ল'ভছ পিন্ধাৰ সৈতে কোনো ধৰণৰ ৰাজনীতি জড়িত নাই সেয়েহে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে খেলুৱৈ গৰাকীৰ সমৰ্থনত থিয় দিয়া উচিত । বিচিচিআইয়ে আইচিচিৰ সৈতে এই বিবাদৰ সোনকালে নিস্পত্তি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ জানিবলৈ দিয়ে যে, ধোনীৰ পৰিচয়ে দেশৰ পৰিচয়, ভাৰতীয় সৈন্য বাহিনীৰ পৰিচয় আৰু ইয়াৰ সৈতে কোনো ৰাজনীতি জড়িত নাই সেয়েহে বিচিচিআই তেওঁৰ সৈতে থিয় দিয়া উচিত ।
ধোনীৰ সমৰ্থনত থিয় দিব লাগে বিচিচিআই : ৰিজিজু

লগতে ৰিজিজুয়ে জনাই যে, যিহেতু ক্ৰীড়া প্ৰাধিকৰণ সম্পূৰ্ণ স্বায়ত্ত - শাসিত আৰু স্বাধীন সেয়েহে চৰকাৰে বিভাগটোৰ সৈতে কোনো কাৰণতে হস্তক্ষেপ নকৰে । এই ঘটনাটোৰ সৈতে দেশৰ সন্মান আৰু ভাৰতীয় নাগৰিকৰ আৱেগ জড়িত হৈ আছে বুলি উল্লেখ কৰি ৰিজিজুয়ে কয় যে, যদি প্ৰয়োজন হয় তেনেহ'লে বিচিচিআইয়ে চৰকাৰৰ সহায় বিচাৰিব লাগে ।
SOURCE- ANI