ETV Bharat / sports

ভাৰতক পৰাস্ত কৰিবলৈ সক্ষম বাংলাদেশ: ছাকিব

ভাৰতৰ বিৰুদ্ধে মেচত দলটোক পৰাস্ত কৰিবলৈ নিজৰ দল সক্ষম বুলি মন্তব্য কৰে বাংলাদেশৰ অল ৰাউণ্ডাৰ ছাকিব অল হাছানে ৷ বাংলাদেশে জুলাইৰ 2 তাৰিখে ভাৰতৰ বিৰুদ্ধে এখন মেচত অৱতীৰ্ণ হ'ব ৷

author img

By

Published : Jun 25, 2019, 8:01 PM IST

ছাকিব অল হাছান

স্পৰ্টছ ডেস্ক, 25 জুন: বিশ্বকাপৰ এখন মেচত আফগানিস্তানক 62 ৰাণৰ ব্যৱধানত পৰাস্ত কৰাৰ পাছতে বাংলাদেশৰ অল ৰাউণ্ডাৰ ছাকিব অল হাছানে আগন্তুক ভাৰত বনাম বাংলাদেশ মেচক লৈ মন্তব্য আগবঢ়াইছে ৷ আইচিচিৰ দ্বাৰা প্ৰকাশিত এক ভিডিঅ'ত ছাকিবে মন্তব্য কৰে যে, শক্তিশালী ভাৰতীয় দলত বহুসংখ্যক বিশ্বমানৰ ক্ৰিকেটাৰ আছে যদিও দলটোক পৰাস্ত কৰিবলৈ সক্ষম বাংলাদেশ ৷ ভাৰতক পৰাস্ত কৰিবলৈ নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব বুলি দাবী কৰে খেলুৱৈ গৰাকীয়ে ৷

ETV BHARAT ASSAM
ছাকিব অল হাছান

উল্লেখ্য যে,সোমবাৰে আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচত ছাকিবে 51 ৰাণৰ এক সুন্দৰ ইনিংছ খেলাৰ লগতে 10 অ'ভাৰৰ বলিঙত 5 টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী মেচত বাংলাদেশে জুলাই 2 তাৰিখে ভাৰতৰ বিৰুদ্ধে যুঁজত নামিব ৷

BANGLADESH CAPABLE ENOUGH TO BEAT INDIA : SHAKIB

ভাৰতক পৰাস্ত কৰিবলৈ সক্ষম বাংলাদেশ : ছাকিব

SOURCE - SPORTS DESK
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.