ETV Bharat / sports

মহিলা টি-20 চেলেঞ্জ : ভেল'চিটীৰ সন্মুখত 127 ৰাণৰ লক্ষ্য ছুপাৰন'ভাছৰ

author img

By

Published : Nov 4, 2020, 10:21 PM IST

মহিলা টি-20 চেলেঞ্জত ভেল'চিটীৰ সন্মুখত 127 ৰাণৰ লক্ষ্য বান্ধি দিছে ছুপাৰন'ভাছে ৷ টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ভেল'চিটীয়ে ৷

মহিলা টি-20 চেলেঞ্জ
ভেল'চিটীৰ সন্মুখত 127 ৰাণৰ লক্ষ্য ছুপাৰন'ভাছৰ

স্পৰ্টছ ডেস্ক, 4 নৱেম্বৰ : বুধবাৰে শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলা টি-20 চেলেঞ্জৰ প্ৰথমখন মেচত ভেল'চিটীৰ সন্মুখত 127 ৰাণৰ লক্ষ্য বান্ধি দিছে ছুপাৰন'ভাছে ৷ টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ভেল'চিটীয়ে ৷

প্ৰথমে বেটিং কৰি ছুপাৰন'ভাছে 8 উইকেট হেৰুৱাই 126 ৰাণ সংগ্ৰহ কৰে ৷ প্ৰিয়া পুনিয়া আৰু চামাৰি আট্টাপাট্টুয়ে দলক ভাল আৰম্ভণি প্ৰদান কৰে ৷ আট্টাপাট্টুয়ে 39 টা বলত 44 ৰাণৰ ইনিংছ গঢ়ে ৷ তেওঁ দুটা চাৰি আৰু দুটা ছয় কোবায় ৷ প্ৰিয়াই 11 ৰাণ কৰি লেইগ কাছপেৰেকৰ হাতত উইকেট হেৰুৱায় ৷

জেমিমা ৰড্ৰিগাছে কেৱল সাত ৰাণ কৰাৰ পৰিৱৰ্তে অধিনায়ক হৰমনপ্ৰীত কৌৰে 27 টা বলত 31 ৰাণ সংগ্ৰহ কৰে ৷ কিন্তু পূজা বস্ত্ৰকাৰে কোনো ৰাণ সংগ্ৰহ নকৰাকৈ আউট হয় ৷

ছুপাৰন'ভাছৰ লৱাৰ অৰ্ডাৰ সম্পূৰ্ণৰূপে অসফল হয় ৷ শশীকালা চিৰিৱাৰ্ডেনে 18 ৰাণ সংগ্ৰহ কৰাৰ পৰিৱৰ্তে ৰাধা যাদৱে 2 আৰু ছাকেৰা ছেলমানে 5 ৰাণ সংগ্ৰহ কৰে ৷

ভেল'চিটীৰ হৈ একতা বিষ্টে তিনিটা উইকেট, কাছপেৰেক আৰু জাহানাৰা আলমে দুটাকৈ উইকেট দখল কৰে ৷

পূৰ্বে দুয়োটা দলে দুখনকৈ মেচত অংশ লৈছে আৰু দুয়োখনতে ডিফেণ্ডিং চেম্পিয়ন ছুপাৰন'ভাছে জয়ী হ'বলৈ সক্ষম হৈছে ৷

ভাৰতীয় ক্ৰিকেটাৰৰ উপৰি টি-20 চেলেঞ্জত অংশগ্ৰহণ কৰিছে ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ আৰু নিউজিলেণ্ডৰ খেলুৱৈয়ে ৷ ভেল'চিটী দলক মিথালী ৰাজ আৰু ছুপাৰন'ভাছক হৰমনপ্ৰীত কৌৰে নেতৃত্ব প্ৰদান কৰিছে ৷

লগতে পঢ়ক : ফেডেৰাৰ-নাডালৰ প্ৰতিদ্বন্দিতা বিশ্বৰ 'শ্ৰেষ্ঠতম' ক্ৰীড়া প্ৰতিদ্বন্দিতা : পি.ভি. সিন্ধু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.