ETV Bharat / sports

থুই অবিহনেও ৰিভাৰ্ছ চুইং কৰিব পাৰিম : মহম্মদ শ্বামী

author img

By

Published : Jun 3, 2020, 2:59 PM IST

শেহতীয়াকৈ আইচিচিয়ে বলত থু লগোৱা কাৰ্যক নিষিদ্ধ ঘোষণা কৰাৰ পাচতেই বিভিন্ন ক্ৰিকেট খেলুৱৈয়ে বিভিন্ন প্ৰতিক্ৰিয়া দিয়া দেখা পোৱা গৈছে । এই সন্দৰ্ভত ভাৰতীয় দলৰ খেলুৱৈ মহম্মদ শ্বামীৰ মন্তব্য,থুই অবিহনেও ৰিভাৰ্ছ চুইং কৰিবলৈ সক্ষম হ'ম ।

With saliva or not, Shami says he can get reverse swing if shine is maintained

স্পৰ্টছ ডেস্ক, 3 জুনঃ আইচিচিৰ বলত থু লগোৱা নিষেধাজ্ঞ সন্দৰ্ভত মঙলবাৰে ভাৰতীয় দ্ৰুত বেগী বলাৰ মহম্মদ শ্বামীৰ এক গুৰুত্বপূৰ্ণ মন্তব্য় । আইচিচিৰ বলত থু লগোৱা নিষিদ্ধ কৰাৰ পাচতো বল চুইং কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰে শ্বামীয়ে । কেৱল বলটোৰ উজ্বলতা বৰ্তাই ৰাখিব লাগিব বুলি কয় খেলুৱৈগৰাকীয়ে ।

থুই অবিহনেও ৰিভাৰ্ছ চুইং কৰিব পাৰিম : মহম্মদ শ্বামী
থুই অবিহনেও ৰিভাৰ্ছ চুইং কৰিব পাৰিম : মহম্মদ শ্বামী

কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আইচিচচিয়ে কৰ'ণা ভাইৰাছৰ পিচত অনুষ্ঠিত হ'বলগীয়া মেচ সমূহত বলত থু অথবা চালাইভা লগোৱাত নিষেধাজ্ঞা জাৰি কৰিছে । এই সন্দৰ্ভত বহু ক্ৰিকেটাৰে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কাৰণ বলৰ চুইং লাভৰ বাবে বলাৰৰ কাৰণে এইয়া আছিল এক প্ৰমুখ্য অস্ত্ৰ স্বৰূপ ।

কিন্তু শেহতীয়াকৈ এই সন্দৰ্ভত এক বাৰ্তালাপত শ্বামীয়ে কৈছে, কষ্টকৰ হ'ব । সৰুৰ পৰাই আমি থু ব্যৱহাৰৰ অভ্যস্ত হৈ পৰিছো । যদি আপুনি এজন বেগীবলাৰ তেন্তে বলত থু ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে । কিন্তু হয়, যদি আপুনি শুকান বলৰ উজ্বলতা বৰ্তাই ৰাখিব পাৰে তেন্তে নিশ্চিত ৰূপত ৰিভাৰ্ছ চুইং লাভ কৰিবলৈ সক্ষম হ'ব ।

আনহাতে ঘাম আৰু থু দুয়োটাই বেলেগ ধৰণৰ কাম কৰে বুলি উল্লেখ কৰে শ্বামীয়ে । গতিকে ঘামৰ দ্বাৰা অধিক সহায়ক হ'ব বুলি নিশ্চিত নহয় শ্বামী । লগতে থু অবিহনে কেতিয়াও বল কৰা নাই বুলি উল্লেখ কৰি আগন্তুক দিনত অত্যন্ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম বুলি কয় ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ।

ইপিনে ধোনীৰ সন্দৰ্ভতো শ্বামীয়ে কয়,খেলপথাৰৰ বাহিৰত আৰু ভিতৰত খেলুৱৈয়ে ধোনীৰ অনুপস্থিতি অনুভৱ কৰে। আইপিএলৰ বাদে সকলোতে তেওঁৰ নেতৃত্বত মই খেলি আহিছো । তেওঁ এজন মহান খেলুৱৈ । তেওঁৰ লগত মোৰ বহু স্মৃতি জড়িত হৈ আছে । আমি এতিয়াও চিন্তা কৰো ধোনী আহিব আৰু তেওঁৰ সৈতে খেলি আনন্দ লাগিব ।

ইয়াৰ লগতে আগন্তুক সময়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাক লৈ উৎসাহিত হৈ থকা বুলি মন্তব্য প্ৰকাশ কৰি শ্বামীয়ে বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে হেট-ট্ৰিক অৰ্জন কৰাটো ক্ৰিকেট কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ মুহূৰ্ত বুলি উল্লেখ কৰে ।

লগতে চাওকঃ বানৰ কৱলত চলচলিৰ দুই শতাধিক কৃষকৰ কৃষিভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.