ETV Bharat / sports

কোহলীৰ বিৰুদ্ধে Notebook celebration : মুখ খুলিলে উইলিয়ামছে

author img

By

Published : May 12, 2020, 11:26 AM IST

কোহলীৰ বিৰুদ্ধে কেছৰিক উইলিয়ামছৰ Notebook celebration ৷ এক সাক্ষাৎকাৰত কোহলীৰ সৈতে প্ৰতিদ্বন্দিতা সম্পৰ্কত মুখ খুলিলে উইলিয়ামছে ৷

মুখ খুলিলে উইলিয়ামছে
কোহলীৰ বিৰুদ্ধে Notebook celebration

স্পৰ্টছ ডেস্ক, 12 মে' : ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ কেছৰিক উইলিয়ামছে শেহতীয়াকৈ এক সাক্ষাৎকাৰত ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ সৈতে প্ৰতিদ্বন্দিতা সম্পৰ্কত মন্তব্য কৰিছে ৷ 2017 চনত জামাইকাত অনুষ্ঠিত এখন মেচত দুয়োগৰাকী খেলুৱৈ প্ৰথমবাৰৰ বাবে মুখামুখি হৈছিল ৷ সেই মেচতে উইলিয়ামছে কোহলীৰ উইকেট সংগ্ৰহ কৰাৰ পাচতে প্ৰথমবাৰৰ বাবে 'notebook celebration' কৰিছিল ৷

ইউ টিউবত প্ৰকাশ পোৱা এক সাক্ষাৎকাৰত উইলিয়ামছে কয়, "জামাইকাত বিৰাট কোহলীৰ বিৰুদ্ধে মই প্ৰথমবাৰৰ বাবে notebook celebration কৰিছিলো ৷ মই ভালপাওঁ বাবে এনেদৰে আনন্দ প্ৰকাশ কৰো আৰু এয়া মই মোৰ অনুৰাগীৰ বাবে কৰো ৷ কিন্তু, কোহলীয়ে এই আনন্দক তেনেদৰে গ্ৰহণ কৰা নাছিল ৷ "

মুখ খুলিলে উইলিয়ামছে
কোহলীৰ বিৰুদ্ধে Notebook celebration

"মেচৰ অন্তত মই তেওঁৰ ওচৰলৈ যাওঁ আৰু কৰমৰ্দন কৰো ৷ কোহলীয়ে মোক ভাল বলিং কৰা বুলি কৈ আঁতৰি যায় ৷ তেওঁ খঙত আঁতৰি যোৱা নাছিল ৷ কিন্তু , তেনেদৰেই আমি অভিবাদনৰ অন্ত পেলাইছিলো ৷"

ইয়াৰ পাচত 2019 চনত টি-20 ছিৰিজত কোহলীয়ে উইলিয়ামছৰ বলত বিস্ফোৰক বেটিং শৈলী প্ৰদৰ্শন কৰে ৷ হায়দৰাবাদত কোহলীয়ে উইলিয়ামছৰ বিৰুদ্ধে 50 বলত 94 ৰাণৰ অপৰাজিত ইনিংছ খেলে ৷ সেই ইনিংছৰ পাচতে কোহলীয়ে উইলিয়ামছৰ দৰে হুবহু আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷

"তেওঁ বেটিং কৰিবলৈ আহি পোনে পোনে মোৰ ওচৰলৈ আহে আৰু কয় যে আজি notebook celebration কোনো কামত নাহে ৷ সঁচাকৈ, 2017 চনৰ খণ্ডটো ঘূৰি আহিছিল ৷ প্ৰতিটো বলৰ অন্তত তেওঁ মোক কিবা-কিবি কোৱা আৰম্ভ কৰিছিল আৰু মই মাত্ৰ কৈছিলো, বন্ধু মনে মনে থাকক আৰু বেট কৰক, শিশুৰ দৰে নকৰিব ৷ কিন্তু, তেওঁ শুনিছিল যে, আপুনি বেট কৰক আৰু মনে মনে থাকক ৷ কিন্তু, মই আঁতৰি যোৱাৰ বাবে বাকী কথাখিনি তেওঁ শুনিবলৈ নাপালে ৷ "

"মই তাতকৈ অধিক একো মন্তব্য কৰা নাছিলো কিন্তু তেওঁ কৈয়েই থাকিল ৷ মেচখনত তেওঁ মোৰ বলত বিস্ফোৰক বেটিং কৰিলে ৷ মই অসহায় হৈ গ'লো, মই ভাবিলো যে, একো নাই তেওঁৰ বিষয়ে মোৰ মগজুত সোমাই গৈছে সেয়েহে তেওঁ মোৰ বলত বেয়াকৈ কোবাইছে ৷ "

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.