ETV Bharat / sports

জাতীয় সংগীত পৰিৱেশনৰ সময়ত আৱেগিক হৈ পৰিল ছিৰাজ - ছিডনী ক্ৰিকেট গ্ৰাউণ্ড

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত আৱেগিক হৈ পৰা দেখা গ'ল মহম্মদ ছিৰাজক ৷ কিছুদিন পূৰ্বে পিতৃহাৰা হোৱা ছিৰাজৰ এই ভিডিঅ' শ্বেয়াৰ কৰিলে Cricket.com.au য়ে ৷

মহম্মদ ছিৰাজ
মহম্মদ ছিৰাজ
author img

By

Published : Jan 7, 2021, 10:47 PM IST

স্পৰ্টছ ডেস্ক, 7 জানুৱাৰী : সোঁহতীয়া ভাৰতীয় বলাৰ মহম্মদ ছিৰাজক বৃহস্পতিবাৰে জাতীয় সংগীত পৰিবেশনৰ সময়ত আৱেগিত হৈ পৰা পৰিলক্ষিত হ'ল ৷ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ আৰম্ভণিতে সকলোৱে প্ৰত্যক্ষ কৰে এই দৃশ্য ৷

ছিৰাজে নিজৰ আৱেগ লুকুৱাবলৈ চেষ্টা কৰে যদিও কান্দিবলৈ বাধ্য হৈ পৰে আৰু দুখন হাতেৰে চকুপানী মুচিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় ৷ Cricket.com.au এ অফিচিয়েল টুইটাৰ একাউন্টৰ জৰিয়তে সমগ্ৰ দৃশ্যৰ এক ভিডিঅ' শ্বেয়াৰ কৰে ৷

মহম্মদ ছিৰাজ
মহম্মদ ছিৰাজ

ইয়াৰ পাচতে প্ৰাক্তন ভাৰতীয় বেটছমেন ৱাছিম জাফৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইটাৰত কয়, "যদিও আপোনাক উৎসাহিত আৰু প্ৰেৰিত কৰিবলৈ আপোনাৰ ওচৰত দৰ্শক অথবা অনুৰাগী নাই, দেশৰ হৈ প্ৰতিনিধিত্ব কৰাটোৱেই শ্ৰেষ্ঠ প্ৰেৰণা ৷ এষাৰ কথা আছে, আপুনি দৰ্শকৰ বাবে নহয়, দেশৰ বাবে খেলে ৷"

মহম্মদ ছিৰাজ
মহম্মদ ছিৰাজ

উল্লেখ্য যে, 26 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে বক্সিং ডে টেষ্টৰ জৰিয়তে টেষ্ট মেচত অভিষেক ঘটাইছিল আৰু পাঁচ উইকেট দখল কৰিছিল ৷ সেই মেচত ভাৰতে আঠ উইকেটত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷

টেষ্টত অভিষেক ঘটোৱাৰ পূৰ্বেই ছিৰাজে হেৰুৱাব লগা হৈছিল নিজ পিতৃক ৷ নৱেম্বৰত ভাৰতীয় দলে অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ এসপ্তাহ পাচতে মৃত্যু হৈছিল তেওঁৰ পিতৃৰ ৷ পৰিয়ালৰ সৈতে দুখৰ সময়ত উপস্থিত থাকিবলৈ দেশলৈ উভতি যাবলৈ ক্ৰিকেট বৰ্ডে বিকল্প প্ৰদান কৰিছিল যদিও তেওঁ দলৰ সৈতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ দেশক প্ৰতিনিধিত্ব কৰি নিজ পিতৃৰ সপোন পূৰ কৰাৰ লক্ষ্যৰে তেওঁ দলৰ সৈতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

পিতৃৰ মৃত্যুৰ পাচত ছিৰাজে bcci.tv ক জনাইছিল, "তেওঁ মোৰ শ্ৰেষ্ঠ সমৰ্থক আছিল ৷ মোৰ দেউতাৰ সপোন আছিল মই দেশক প্ৰতিনিধিত্ব আৰু গৌৰৱাম্বিত কৰা ৷ বৰ্তমান তেওঁৰ সেই সপোন পূৰণ কৰিব বিচাৰো ৷"

তেওঁ লগতে কৈছিল, "তেওঁ এই পৃথিৱীত নাথাকিলেও মোৰ অন্তৰত এতিয়াও আছে ৷ মই মাৰ সৈতে কথা পাতিলেই দেউতাৰ সপোনবোৰ মনত পেলাই দিয়ে আৰু দলৰ বাবে ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰে ৷"

লগতে পঢ়ক : IND বনাম AUS : প্ৰথম দিনাৰ অন্তত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ 166/2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.