স্পৰ্টছ ডেস্ক, 23 জুনঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অ'পেনিং বেটছেমন ৱাছিম জাফৰক আগন্তুক ৰঞ্জী ছিজনৰ বাবে উত্তৰাখণ্ড ৰঞ্জী দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । এক সংবাদ সংস্থাৰ আগত এই কথা স্বীকাৰ কৰি জাফৰে কয়, "হয়, মোক এবছৰৰ বাবে উত্তৰাখণ্ডৰ বাবে মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত প্ৰদান কৰিছে ।"
প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে চলিত বৰ্ষৰ 7 মাৰ্চত 24 বছৰ ক্ৰিকেট কেৰিয়াৰৰ পৰা অৱসৰ ঘোষণা কৰিছিল । ভাৰতৰ ঘৰুৱা ক্ৰিকেটত মহান খেলুৱৈৰ ভিতৰত অন্যতম হৈছে ৱাছিম জাফৰ ।
জাফৰে 260 খন প্ৰথম শ্ৰেণী ক্ৰিকেটত অংশ গ্ৰহণ কৰিছে । য'ত তেওঁৰ নামত আছে 19,410 ৰান । তেওঁৰ গড় ৰান হৈছে 50.67 ।
আনহাতে জাফৰে ভাৰতৰ হৈ 31 খন টেষ্ট আৰু দুখন এদিনীয়াত অংশগ্ৰহণ কৰিছিল । য'ত তেওঁৰ নামত আছে ক্ৰমে 1944 আৰু 10 ৰান । বিদৰ্ভৰ হৈ ৰঞ্জী ক্ৰিকেটত অংশগ্ৰহণ কৰা জাফৰে দলটোক দুবাৰকৈ ৰঞ্জী ট্ৰফীৰ খিতাপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰাৰ পাচতেই জাফৰে কয়, মই অত্যন্ত সুখী আৰু উৎসাহিত হৈ আছো কাৰণ মুখ্য় প্ৰশিক্ষক হিচাপে এইটো মোৰ প্ৰথম কাৰ্যকাল হ'ব । মই তাত খেলুৱৈসকলৰ জীৱন আৰু কেৰিয়াৰ সলনি কৰাৰ চেষ্টা কৰিম । এইটো সুনিশ্চিত কৰিম যে খেলুৱৈ আৰু দলে শুধৰণি কৰিবলৈ সক্ষম হও । লগতে কয়, মোৰ বাবে জয়েই অপৰিহাৰ্য । গতিকে চেষ্টা কৰিম দলটোক জয়ৰ অভ্যাসলৈ পৰিৱৰ্তন কৰিবলৈ । যাতে তেওঁলোকে আগন্তুক ছীজনত ভাল কৰিবলৈ সক্ষম হয় ।
COVID-১৯ ৰ বাবে ৰঞ্জী ট্ৰফীৰ ওপৰতো অনিশ্চয়তা বৰ্তি আছে যদিও 42 বছৰীয়া খেলুৱৈগৰাকী ইয়াক লৈ যোগাত্মক দৃষ্টি উপনীত আছে ।
তেওঁ কয়, মই নাভাৱো এইটো সময় মতেই আৰম্ভ হ'ব । কিন্তু মই জানো যে, কেতিয়াবা নহয় কেতিয়াবা আৰম্ভ হ'ব । কোনেও এই সময়ৰ বিষয়ে ক'ব নোৱাৰিব । কিন্তু মই আশা কৰিছো এই বৰ্ষতেই আমি ঘৰুৱা ক্ৰিকেট খেলিবলৈ সক্ষম হ'ম ।