ETV Bharat / sports

প্ৰয়োজনত ইংলেণ্ড ভ্ৰমণৰ টেষ্ট ক্ৰিকেটত প্ৰত্যাৱৰ্তনৰ বাবে সাজুঃ ৱাহাব ৰিয়াজ

author img

By

Published : Jun 16, 2020, 1:42 PM IST

পুনৰ টেষ্ট ক্ৰিকেটত প্ৰত্যাৱৰ্তনৰ আশা প্ৰকাশ কৰিছে পাকিস্তানী পেছাৰ ৱাহাব ৰিয়াজে । বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহত টেষ্ট ক্ৰিকেটৰ পৰা কিছু সময়ৰ বাবে বিৰতি লৈছিল খেলুৱৈগৰাকীয়ে ।

Wahab Riaz willing to return to Test cricket in England tour "if required"

স্পৰ্টছ ডেস্ক, 16 জুনঃ পাকিস্তানৰ ক্ৰিকেট দলৰ দৃষ্টিভংগীৰে আহিছে এক সুঃখবৰ । দীৰ্ঘদিনৰ পৰা টেষ্ট ক্ৰিকেটৰ পৰা বিৰতিত থকা পাকিস্তানৰ দ্ৰুতবেগী বলাৰ ৱাহাব ৰিয়াজৰ টেষ্ট ক্ৰিকেটত পুনৰ প্ৰত্যাৱৰ্তনৰ ইচ্ছা প্ৰকাশ । যদি দলত প্ৰয়োজন হয় তেন্তে ইংলেণ্ড ভ্ৰমণৰ টেষ্ট শৃংখলাৰ বাবে সাজু বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে । বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহৰ পৰা টেষ্ট ক্ৰিকেটৰ পৰা কিছু সময়ৰ বাবে বিৰতি লৈছিল খেলুৱৈগৰাকীয়ে ।

আগন্তুক 30 জুলাইৰ পৰা ইংলেণ্ডৰ গৃহভূমীত টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব পাকিস্তান দলটো । এই ভ্ৰমণত তিনিখন টেষ্ট আৰু তিনিখন টি-20 মেচত অংশ ল'ব পাকিস্তানে । ইতিমধ্যে পাকিস্তানে 29 জনীয়া সদস্যৰ দল ঘোষণা কৰিছে । য'ত অন্তৰ্ভুক্ত আছে ৱাহাব ৰিয়াজৰ নাম ।

যদি প্ৰয়োজন হয় ইংলেণ্ড ভ্ৰমণৰ টেষ্ট ক্ৰিকেটত প্ৰত্যাৱৰ্তনৰ বাবে সাজু : ৱাহাব ৰিয়াজ

এই সন্দৰ্ভত ৰিয়াজে কয়, মই এই ইংলেণ্ড ভ্ৰমণ সূচীৰ সৈতে জড়িত হ'বলৈ পাই যথেষ্ট উৎসাহিত হৈ আছো । যেনেকৈ আপোনালোকে জানে এই ভ্ৰমণ বহু কেইটা জটিল পৰিস্থিতিৰ মাজৰে আগবাঢ়িছে । মোক পিচিবিৰ দ্বাৰা মাতি পঠিওৱা হৈছিল, বিকল্প হিচাপে টেষ্ট ক্ৰিকেট খেলিবলৈ উপলব্ধ থাকিব পাৰিম নে নোৱাৰিম সন্দৰ্ভত । সেই প্ৰস্তাৱ মই একেবাৰতে গ্ৰহণ কৰা বুলি ৱাহাব ৰিয়াজে এখন ভিডিঅ' কনফাৰেন্সত উল্লেখ কৰে । কাৰণ তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে পাকিস্তানৰ হৈ ক্ৰিকেট খেলা ।

পাকিস্তান দলটোৰ ইংলেণ্ড ভ্ৰমণৰ বাবে ঘোষিত সদস্য সকল :

অ'পেনাৰ- অবিদ আলী, ফখাৰ জামান, ইমাম-উল-হক্ আৰু ছান মাচুদ

মধ্যক্ৰম- অজহৰ আলি (অধিনায়ক), বাবৰ আজম (সহ অধিনায়ক টেষ্ট, অধিনায়ক টি-20), আশাদ ছফিক, ফাৱাদ আলাম, হায়দৰ আলী, ইফটিকাৰ আহমদ, খুছদিল শ্বাহ, মহম্মদ হাফিজ আৰু ছয়েব মলিক ।

উইকেটকীপাৰ- মহম্মদ ৰিজৱান, ছাৰফৰাজ আহমদ

বেগী বলাৰ- ফাহিম আশ্ৰফ, হাৰিছ ৰৌফ, ইমৰান খান, মহম্মদ আব্বাছ, মহম্মদ হাছনেইন, নিছীম শ্বাহ, শ্বাহিন শ্বাহ আফ্ৰিদী, ছ'হেইল খান, উছমান শ্বিনৱাৰী, ৱাহাব ৰিয়াজ

স্পীনাৰ- ইমাদ ৱাছিম, কাশিফ ভাট্টি, ছাদাব খান, য়াছিৰ শ্বাহ

আনহাতে COVID-১৯ ৰ বিকল্প খেলুৱৈ হিচাপে দলত স্থান দিয়া হৈছে বিলাল আছিফ, ইমৰান বট্ট, মুছা খান আৰু মহম্মদ নাৱাজক । অহা 20 ৰ পৰা 25 জুনৰ ভিতৰত সকলোৰে COVID-১৯ ৰ পৰীক্ষা কৰা হ'ব ।

ইংলেণ্ড বনাম পাকিস্তানৰ সম্পূৰ্ণ ভ্ৰমণসূচীঃ

DATE MATCH VENUETIME (IST)
Jul 30 England vs Pakistan, 1st Test Lord's, London 3:30 PM
Aug 07 England vs Pakistan, 2nd Test Emirates Old Trafford, Manchester 3:30 PM
Aug 20 England vs Pakistan, 3rd Test Trent Bridge, Nottingham 3:30 PM
Aug 29 England vs Pakistan, 1st T20I Headingley, Leeds 9:30 PM
Aug 31 England vs Pakistan, 2nd T20I Sophia Gardens, Cardiff 7:00 PM
Sep 02 England vs Pakistan, 3rd T20IThe Rose Bowl, Southampton 11:00PM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.