ETV Bharat / sports

দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন বিৰাট কোহলীৰ

author img

By

Published : Nov 14, 2020, 7:20 PM IST

নিজ টুইটাৰযোগে এক ভিডিঅ’ শ্বেয়াৰ কৰি বিৰাট কোহলীয়ে কয়, "মোৰ আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈ দিপাৱলীৰ আন্তৰিক শুভেচ্ছা ৷ এই পৱিত্ৰ ক্ষণত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ফটকা নুফুটাই কেৱল চাকি জ্বলাই আৰু নিজৰ আত্মীয় স্বজনৰ সৈতে এই উৎসৱৰ আনন্দ উপভোগ কৰক ৷"

Virat Kohli leads Diwali wishes and urges fans for cracker free festival
দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন বিৰাট কোহলীৰ

স্পৰ্টছ ডেস্ক, 14 নৱেম্বৰঃ সমূহ দেশবাসীলৈ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৷ সকলো লোককে দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি ফটকা ফুটাই নহয় কেৱল চাকি জ্বলাইহে দিপাৱলী উদযাপন কৰাৰ বাবে আহ্বান জনায় খেলুৱৈগৰাকীয়ে ৷ উল্লেখ্য যে, সম্প্ৰতি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাত অংশগ্ৰহণৰ বাবে চিডনীত উপস্থিত হৈছে খেলুৱৈগৰাকী ৷ চলিত সপ্তাহৰ প্ৰথম ভাগতে বিচিচিআইয়ে ঘোষণা কৰিছিল যে, উক্ত শৃংখলৰ তিনিখনকৈ টেষ্ট মেছত অংশগ্ৰহণ নকৰে কোহলীয়ে ৷

নিজ টুইটাৰযোগে এক ভিডিঅ’ শ্বেয়াৰ কৰি কোহলীয়ে কয়, "মোৰ আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈ দিপাৱলীৰ আন্তৰিক শুভেচ্ছা ৷ এই পৱিত্ৰ ক্ষণত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ফটকা নুফুটাই কেৱল চাকি জ্বলাই আৰু নিজৰ আত্মীয় স্বজনৰ সৈতে এই উৎসৱৰ আনন্দ উপভোগ কৰক ৷"

বিৰাট কোহলীৰ উপৰিও বীৰেন্দ্ৰ ছেহৱাগ, ভিভিএছ লক্ষ্মণ আদি কেইবাগৰাকীয়ো প্ৰক্তন ক্ৰিকেটাৰে দেশবাসীলৈ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ইয়াৰ উপৰিও চলিত আইপিএলত চানৰাইজাৰ্চ হায়দৰাবাদৰ হৈ খেলা অষ্ট্ৰেলিয়ান অপেনাৰ ডেভিদ ৱাৰ্ণাৰেও নিজ ইনষ্টাগ্ৰামযোগে সকলোলৈ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক-2014 বৰ্ষৰ আজিৰ দিনটোতে এদিনীয়াত সৰ্বাধিক স্কৰ গঢ়িছিল ৰোহিত শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.