ETV Bharat / sports

বিশ্বৰ 1 নম্বৰ খেলুৱৈ বিৰাট কোহলি : সুনীল গাভাস্কাৰ - সুনীল গাভাস্কাৰ

ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ বিবিয়ান ৰিচাৰ্ডৰ সৈতে বিৰাট কোহলিৰ তুলনা ভাৰতৰ মহান ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ ।

Virat Kohli bats exactly like Viv Richards says Sunil Gavaskar

author img

By

Published : Jun 24, 2020, 3:45 PM IST

স্পৰ্টছ ডেস্ক, 24 জুনঃ সাম্প্ৰতিক সময়ত বিশ্ব তথা ভাৰতৰ শ্ৰেষ্ঠতম ক্ৰিকেটাৰ বিৰাট কোহলিৰ প্ৰশংসাত পঞ্চমুখ ভাৰতৰ প্ৰাক্তন মহান খেলুৱৈ সুনীল গাভাস্কাৰ । বিৰাট কোহলিক বিশ্বৰ এক নম্বৰ খেলুৱৈ আখ্য়া দিয়াৰ লগতে ৱেষ্ট ইণ্ডিজৰ মহান খেলুৱৈ বিবিয়ান ৰিচাৰ্ডৰ সৈতে বিৰাটৰ বহু সামাঞ্জস্য় থকা বুলি উল্লেখ কৰে গাভাস্কাৰে ।

বিবিয়ান ৰিচাৰ্ড
বিবিয়ান ৰিচাৰ্ড

1983 চনৰ 25 জুনতেই ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ জয় কৰিছিল । 37 বছৰ পূৰ্বে ভাৰতীয় দলটোৱে এই দিনটোতেই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে লৰ্ডছ ষ্টেডিয়ামত ইতিহাস ৰচিবলৈ সক্ষম হৈছিল । ইয়াৰ সৈতে সংগতি থকা এক কাৰ্যক্ৰম অনুষ্ঠানতেই গাভাস্কাৰে কয়, ৰিচাৰ্ড যেতিয়া ক্ৰীজলৈ নামিছিল তেতিয়া তেওঁক শান্ত কৰি ৰখা অধিক কঠিন হৈ পৰিছিল ।

বৰ্তমান সময়ত একেই পৰিস্থিতি দেখা পোৱা যায় বিৰাট কোহলিয়ে বেটিং কৰা থকাৰ সময়ত । দুয়ো খেলুৱৈয়ে অনুৰূপ ধৰণে খেলা পৰিলক্ষিত হয় । সেই বাবেই বিৰাট বিশ্বৰ এক নম্বৰ খেলুৱৈ কাৰণ তেওঁ ৰিচাৰ্ডৰ দৰে বেটিং কৰে বুলি উল্লেখ কৰে গাভাস্কাৰে । ইয়াৰ পূৰ্বে গুন্দাপ্পা বিশ্বনাথ, ভিভিএছ লক্ষ্মণও এনে ধৰণেই বেটিং কৰিছিল বুলি কয় গাভাস্কাৰে ।

বিশ্বৰ 1 নম্বৰ খেলুৱৈ বিৰাট কোহলি : সুনীল গাভাস্কাৰ

উল্লেখ্য় যে, বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ ভিতৰত অন্য়তম নাম হৈছে বিৰাট কোহলি । ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত গড় প্ৰতি 50 ত কৈ অধিক ৰান কৰা একমাত্ৰ খেলুৱৈ হৈছে বিৰাট ।

কোহলিৰ নামত বৰ্তমানে 86 খন টেষ্ট মেচত 53.6 গড় ৰানেৰে মুঠ আছে 7240 ৰান । ইয়াৰ ভিতৰত আছে 27 টা শতক আৰু 22 টা অৰ্ধশতক । আনহাতে 248 খন এদিনীয়া মেচত 59.3 গড় ৰানেৰে মুঠ 11867 ৰান কৰিবলৈ সক্ষম হৈছে । য'ত আছে 43 টা শতক আৰু 58 টা অৰ্ধশতক । টি-20 ক্ৰিকেটটো 82 খন মেচত কোহলিৰ নামত আছে 2794 ৰান । টি-20 তো তেওঁৰ গড় ৰান হৈছে 50.8 ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.