স্পৰ্টছ ডেস্ক, 27 নৱেম্বৰ : ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা ভাৰতীয় ক্ৰিকেট দলৰ নিষ্ঠাৱান সমালোচক মাইকেল ভগানে কয় যে, বিৰাট কোহলীৰ দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰতিটো ফৰমটতে পৰাস্ত হ'ব ৷ উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত 66 ৰাণত পৰাস্ত হয় ভাৰতীয় দল ৷
শুকুৰবাৰে ভগানে কয়, "পূৰ্বেই জনাইছো...মই ভাবো এই ভ্ৰমণত সকলো ফৰমেটতে ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হ'ব ৷"
-
This Indian ODI team is to old school for me .... Just 5 bowling options & the batting isn’t deep enough !!! #AUSvsIND
— Michael Vaughan (@MichaelVaughan) November 27, 2020 " class="align-text-top noRightClick twitterSection" data="
">This Indian ODI team is to old school for me .... Just 5 bowling options & the batting isn’t deep enough !!! #AUSvsIND
— Michael Vaughan (@MichaelVaughan) November 27, 2020This Indian ODI team is to old school for me .... Just 5 bowling options & the batting isn’t deep enough !!! #AUSvsIND
— Michael Vaughan (@MichaelVaughan) November 27, 2020
ভাৰতীয় দলে পাঁচজন বলাৰ খেলুওৱাৰ সিদ্ধান্তক "old school" বুলি অভিহিত কৰে ভগানে ৷ তেওঁ কয়, "মোৰ বাবে এই ভাৰতীয় এদিনীয়া দলটো অতি পুৰণি চিন্তাধাৰাৰ...কেৱল পাঁচজন বলাৰ আৰু বেটিঙত বিশেষ প্ৰভাৱ দেখা নাপালো ৷"
ভাৰতীয় দলে বলিং শেষ কৰাৰ বাবে প্ৰদান কৰা চাৰি ঘন্টাতকৈ অধিক সময় লোৱা বাবেও সমালোচনা কৰে ভগানে ৷ আনহাতে, অষ্ট্ৰেলিয়া দলৰ প্ৰদৰ্শনক প্ৰশংসা কৰে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷
লগতে পঢ়ক : পুত্ৰ সন্তানে মোৰ জীৱনৰ দৃষ্টিভংগী সলনি কৰিলে: হাৰ্ডিক পাণ্ডিয়া