ETV Bharat / sports

2017 বৰ্ষৰ আজিৰ দিনটো : টি-20 ত দ্ৰুততম শতক অৰ্জন কৰিছিল ৰোহিত শৰ্মাই - ভাৰতীয় দল

2017 বৰ্ষৰ আজিৰ দিনটোতে টি-20 ত যুটীয়াকৈ দ্ৰুততম শতক অৰ্জন কৰিছিল ৰোহিত শৰ্মাই ৷

Rohit Sharma
ৰোহিত শৰ্মা
author img

By

Published : Dec 22, 2020, 6:16 PM IST

স্পৰ্টছ ডেস্ক, 22 ডিচেম্বৰ : ইতিমধ্যেই বহু অভিলেখৰ অধিকাৰী হোৱা ভাৰতীয় অপেনাৰ ৰোহিত শৰ্মাই 2017 চনৰ 22 ডিচেম্বৰত আন এক মাইলষ্টোন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ আজিৰ দিনটোতে ৰোহিত শৰ্মাই টি-20 ক্ৰিকেটত যুটীয়াকৈ দ্ৰুততম শতক অৰ্জন কৰিছিল ৷

Rohit Sharma
ৰোহিত শৰ্মা

শ্ৰীলংকাৰ বিৰুদ্ধে ইণ্ডোৰৰ হলকাৰ ষ্টেডিয়ামত ৰোহিতে মাত্ৰ 35 টা বলতে শতক অৰ্জন কৰিছিল ৷ সোঁহতীয়া বেটছমেনগৰাকীয়ে 43 টা বলত 118 ৰাণৰ ইনিংছ গঢ়িবলৈ সক্ষম হৈছিল ৷ আনহাতে, 2017 চনৰ 29 নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ বেটছমেন ডেভিদ মিলাৰে 35 বলত শতক অৰ্জন কৰিছিল ৷

  • #OnThisDay in 2017, @ImRo45 smashed 12 fours and 10 sixes to score the joint-fastest T20I 💯. 🔥💪 #TeamIndia

    Watch that sensational 43-ball 118-run knock from the Hitman 📽️👇

    — BCCI (@BCCI) December 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

শ্ৰীলংকাৰ বিৰুদ্ধে কে. এল. ৰাহুলেও 49 বলত 89 ৰাণৰ ইনিংছ গঢ়িছিল ৷ ইয়াৰ ফলত ভাৰতীয় দলে 20 অ'ভাৰত সংগ্ৰহ কৰিছিল 260/5 ৷ ভাৰতে গঢ়া বিশাল ৰাণৰ সীমা অনুসৰণ কৰি শ্ৰীলংকাই 18 অ'ভাৰত কেৱল 172 ৰাণ সংগ্ৰহ কৰি 88 ৰাণত পৰাজয় স্বীকাৰ কৰিছিল ৷

  • 💥 Joint-fastest T20I 💯
    💥 91.52% of runs in boundaries#OnThisDay in 2017, Rohit Sharma blasted a 35-ball hundred against Sri Lanka in Indore 🤯

    Do you recall how many sixes he hit in the innings? pic.twitter.com/ip4P4AJWZk

    — ICC (@ICC) December 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সীমিত অ'ভাৰৰ মেচৰ ভাৰতৰ সহ-অধিনায়ক ৰোহিত হৈছে টি-20 ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা দ্বিতীয়গৰাকী ক্ৰিকেটাৰ ৷ 104 খন মেচৰ পৰা তেওঁ সংগ্ৰহ কৰিছে 2,773 ৰাণ ৷ ইয়াত আছে চাৰিটাকৈ শতক ৷ আনহাতে, শীৰ্ষ স্থানত আছে ভাৰতৰ অধিনায়ক বিৰাট কোহলী ৷ 85 খন মেচত তেওঁ সংগ্ৰহ কৰিছে 2,928 ৰাণ ৷

লগতে পঢ়ক : মই নিয়মাৱলী সন্দৰ্ভত অৱগত নাছিলোঃ গ্ৰেপ্তাৰৰ পিছত ৰাইনাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.