ETV Bharat / sports

NCA ৰ প্ৰশিক্ষকৰ সৈতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ অভিজ্ঞতাৰ আদান-প্ৰদান - ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক

লক্ ডাউনৰ মাজতেই ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষকৰ সৈতে অভিজ্ঞতাৰ আদান-প্ৰদান ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ । এই সন্দৰ্ভত ছাবা কৰিমে প্ৰতিক্ৰিয়া, এই চিন্তাৰ আঁৰৰ মূল নায়ক জনেই হৈছে ৰাহুল দ্ৰাৱিড় ।

Team India coaches sharing tricks of trade with NCA coaches amidst lockdown

author img

By

Published : May 1, 2020, 8:56 PM IST

স্পৰ্টছ ডেস্ক, ১ মে': সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ ফলত স্তব্ধ হৈ পৰিছে সকলো ক্ৰীড়া কাৰ্য-কলাপ । ইতিমধ্যে বহু কেইটা প্ৰতিযোগিতা বাতিল অথবা স্থগিত কৰিবলগীয়া হৈছে । কিন্তু ইয়াৰ মাজতেই লক্ ডাউনৰ সুযোগ বুজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ BCCI য়ে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক সকলক ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ সৈতে নিজৰ অভিজ্ঞতা আদান-প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে ।

বৰ্তমানে ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত হৈ থকা মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী, ভৰত অৰুণ, বিক্ৰম ৰাঠোৰ আৰু আৰ শ্ৰীধৰক নিজৰ-নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অনুভৱ, কৌশল সমূহ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষক সকলৰ সৈতে বিনিময় কৰাৰ প্ৰস্তাৱ দাঙি ধৰে বিচিচিআইয়ে ।

এই সন্দৰ্ভত জিএম ক্ৰিকেট অপাৰেচনৰ ছাবা কৰিমে কয়, বিচিচিআইয়ে যি প্ৰস্তাৱ লৈছে, এই প্ৰস্তাৱৰ বিষয়ে চিন্তা কৰা ব্যক্তিজন হৈছে এন চি এৰ প্ৰমূখ তথা প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাৱিড় । দ্ৰাৱিড়েই পোন প্ৰথমে ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক সকলৰ অভিজ্ঞতা এনচিএৰ প্ৰশিক্ষকৰ সন্মুখত দাঙি ধৰিব লাগে বুলি BCCI ৰ অৱগত কৰিছিল ।

দ্ৰাৱিড়ৰ মতে, ইয়াৰ দ্বাৰা জ্ঞান আৰু তথ্য়ৰ অধিক আদান প্ৰদান হ'ব । যিয়ে NCA ৰ প্ৰশিক্ষক সকলক আগন্তুক সময়ত সহায় কৰিব । অৱশেষত এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে BCCI য়ে ।

ৰবী শাস্ত্ৰীৰ নেতৃত্বেই বৰ্তমান ভাৰতীয় ক্ৰিকেট দলটো পৰিচালিত হৈ আছে । আনহাতে ভাৰতীয় দলটোৰ বলিং বিভাগটোৰ দায়িত্বত আছে ভৰত অৰুণ । তেওঁৰ তত্বাৱধানতেই বৰ্তমান ভাৰতীয় দলৰ বলিং এটেকটো বিশ্ব ক্ৰিকেটৰ বহু কেইটা দলৰ সমপৰ্যায়ৰ লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে ফিল্ডিং বিভাগৰ দায়িত্বত আছে শ্ৰীধৰ ।

আনহাতে বিচিচিআইৰ অধ্য়ক্ষ সৌৰভ গাংগুলীয়েও পূৰ্বতেই উল্লেখ কৰিছিল যে, এনচিএৰ সংস্কাৰ আৰু এনচিএক ভাৰতীয় উদীয়মান ক্ৰিকেটাৰৰ এক উত্তম স্থান হিচাপে পৰিগণিত কৰাৰ কথা ।

উল্লেখ্য যে, লক্ ডাউনৰ মাজতেই ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ তৰফৰ পৰাও অনলাইন যোগে ২০ টা বিভিন্ন খেলৰ প্ৰশিক্ষক সকলক লৈ জ্ঞান আহৰণৰ এক কৰ্মশালা আয়োজন কৰিছে । শেহতীয়াকৈ ভাৰতীয় ফুটবল ফেডাৰেচনেও ৰেফাৰী সকলৰ বাবে অনলাইন প্ৰশিক্ষণ (courses) প্ৰদান কৰাৰ ওপৰত কাম কৰি আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.