ETV Bharat / sports

COVID-১৯ : ২২ মে'ৰ পৰা ৱেষ্ট ইণ্ডিজত আৰম্ভ হ'ব টি-১০ লীগ - বিন্সী প্ৰিমিয়াৰ লীগ

কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ মাজতেই ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব ভিপিএল । এই টুৰ্ণামেণ্টৰ জৰিয়তে ক্ৰিকেটত পোন-প্ৰথমবাৰৰ বাবে বলত খেলুৱৈয়ে ছুইং লাভ কৰাৰ বাবে থুইৰ (saliva) ব্যৱহাৰ কৰিব নোৱাৰিব । আনহাতে দৰ্শকৰ বাবে মুকলি থাকিব এই প্ৰতিযোগিতা । দৰ্শকৰ উপস্থিতিক কোনো বাধা আৰোপ কৰা হোৱা নাই ।

t10 league to begin on may 22 in the caribbean

author img

By

Published : May 15, 2020, 4:26 PM IST

স্পৰ্টছ ডেস্ক, ১৫ মে': কৰ'ণা ভাইৰাছৰ ফলত বৰ্তমান সময়ত স্তব্ধ হৈ ৰৈছে বিশ্ব ক্ৰীড়াজগতৰ সকলো কাৰ্য-কলাপ । কিন্তু ইয়াৰ মাজতেই ৱেষ্ট ইণ্ডিজৰ পৰা আহিছে এক ডাঙৰ খবৰ । অহা ২২ মে'ৰ পৰা ৱেষ্ট ইণ্ডিত অনুষ্ঠিত হ'ব টি-১০ প্ৰতিযোগিতা ভিন্সী প্ৰিমিয়াৰ লীগ । য'ত অংশগ্ৰহণ কৰিব ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ কেইবাগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে । চেণ্ট ভিন্সেন্ট এণ্ড গ্ৰেনাডা ক্ৰিকেট সংঘই আয়োজন কৰিছে এই প্ৰতিযোগিতা ।

জানিব পৰা মতে, এই প্ৰতিযোগিতাত মুঠ ৬ টা দলে অংশগ্ৰহণ কৰিব । ২২ মে'ৰ পৰা ৩১ মে'লৈ মুঠ ১০ দিনলৈ চলিব এই প্ৰতিযোগিতা । দৰ্শকৰ উপস্থিতকৈ লৈ কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই । উল্লেখ্য়ে যে, পোন প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ জৰিয়তে বলত খেলুৱৈক থুই ব্য়ৱহাৰৰ অনুমতি প্ৰদান কৰা নহ'ব । সচৰাচৰ ক্ৰিকেটত ফিল্ডীং কৰা সময়ত বলিং কৰা দলৰ খেলুৱৈয়ে ছুইং লাভৰ বাবে বলৰ এটা ছাইডত থুই (saliva) ব্যৱহাৰ কৰাৰ দৃশ্য় দেখা পোৱা যায় ।

এই প্ৰতিযোগিতা খনৰ বাবে খেলুৱৈ সকলৰ নিলামী যোৱা ১১ মে'ত অনুষ্ঠিত হৈছিল । মুঠ ৭২ গৰাকী খেলুৱৈয়ে অংশ ল'ব এই প্ৰতিযোগিতাত । প্ৰতিযোগিতা খনত প্ৰত্যেক দিনাই তিনিখনকৈ মেচ অনুষ্ঠিত হ'ব কৰা হ'ব ।

ৱেষ্ট ইণ্ডিজত আৰম্ভ হ'ব টি-১০ ভিন্সী প্ৰিমিয়াৰ  লীগ

বৰ্তমানে CWI ৰ পৰা BPL ৰ অনুমতি প্ৰদানৰ বাবেও আবেদন জনোৱাৰ লগতে এই প্ৰতিযোগিতাৰ মঞ্জুৰি প্ৰদানৰ আশা প্ৰকাশ কৰিছে CWI ৰ সহ-সভাপতি কিশোৰ শ্বলোই । ৱেষ্ট ইণ্ডিজত COVID-১৯ ৰ ১৮ টা আক্ৰান্তৰ ঘটনা ধৰা পৰিছিল । বৰ্তমান ১০ জন লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.