স্পৰ্টছ ডেস্ক, ২ ফেব্ৰুৱাৰীঃ ভাৰত নিউজিলেণ্ডৰ মাজত চলি থকা পাঁচ মেচৰ এদিনীয়া শৃংখলাৰ অন্তিমটো মেচত বাহিৰ হ'ব পাৰে নিউজিলেণ্ডৰ অ'পেনাৰ বেটছমেন মাৰ্টিন গুপ্টিল । পিঠিৰ বিষত দলৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে খেলুৱৈগৰাকীৰ ।
যাৰ বাবে ইতিমধ্য়ে কোলিন মুনৰুক নিউজিলেণ্ডৰ দলত মাতি পঠোৱা হৈছে । নিউজিলেণ্ড ক্ৰিকেট দল টুইটাৰ যোগে টুইট কৰি প্ৰকাশ কৰে যে অনুশীলনৰ সময়ত ককালত আঘাতপ্ৰাপ্ত হয় গুপ্টিল । গতিকে মেচৰ পূৰ্বে পুনৰ পৰীক্ষা কৰা হ'ব গুপ্টিল আঘাতৰ । তাৰ পিচতেই সিদ্ধান্ত লোৱা হ'ব অন্তিম একাদশত স্থান দিয়া হ'ব নে নাই খেলুৱৈগাৰকীক ।