ETV Bharat / sports

যশশ্বী জয়ছৱালৰ কাহিনী : পানীপুৰি বিক্ৰীৰ পৰা কোটি টকাৰ IPL চুক্তিলৈকে - পানীপুৰি বিক্ৰীৰ পৰা কোটি টকাৰ IPL চুক্তি লাভ কৰা যশশ্বী

সদ্যসমাপ্ত IPL নিলামত কোটি টকাৰ চুক্তি লাভ কৰা এগৰাকী কনিষ্ঠ ক্ৰিকেটাৰৰ জীৱন পৰিক্ৰমা ৷ পানীপুৰি বিক্ৰী কৰা আৰু তম্বুত বাস কৰাৰ পৰা কোটি টকাৰ গৰাকী হোৱা ক্ৰিকেটাৰ যশশ্বী জয়ছৱাল ৷

IPL নিলামত কোটি টকাৰ চুক্তি লাভ কৰা যশশ্বী
যশশ্বী জয়ছৱাল
author img

By

Published : Dec 21, 2019, 11:11 AM IST

Updated : Dec 21, 2019, 11:19 AM IST

স্পৰ্টছ ডেস্ক, 21 ডিচেম্বৰ : বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ নিলামত 17 বৰ্ষীয় যশশ্বী জয়ছৱালক ৰাজস্থান ৰয়েলছ দলে 2.40 কোটি টকাত ক্ৰয় কৰে ৷ ইয়াৰ জৰিয়তে আই পি এল 2020 ৰ নিলামৰ কনিষ্ঠতম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় যশশ্বী জয়ছৱাল ৷

যশশ্বী জয়ছৱালৰ কাহিনী

এইজন নৱাগত ক্ৰিকেটাৰৰ জীৱন সংগ্ৰামৰ কাহিনী অতি হৃদয়স্পৰ্শী ৷ উত্তৰ প্ৰদেশৰ এই খেলুৱৈজনে 11 বছৰ বয়সতে মুম্বাইলৈ কেৰিয়াৰ গঢ়াৰ লক্ষ্যৰে আহিছিল ৷ মুম্বাইত থাকিবৰ বাবে তম্বুয়ে তেওঁৰ শেষ আশ্ৰয় আছিল আৰু উপাৰ্জনৰ পথ হিচাপে ৰাস্তাত পানীপুৰি বিক্ৰী কৰিছিল ৷ উত্তৰ প্ৰদেশৰ বদোহীৰ এজন সৰু ব্যৱসায়ীৰ কনিষ্ঠ পুত্ৰ যশশ্বীয়ে আজাদ মৈদানৰ ওচৰত থকা মুছলিম ইউনাইটেড এছ চি গ্ৰাউণ্ডৰ সংলগ্ন এটা তম্বুত 3 বছৰ ধৰি বাস কৰিছিল ৷ ইয়াৰ পাচতে গুৰু তথা প্ৰশিক্ষক জ্বালা সিঙে যশশ্বীক আশ্ৰয় প্ৰদান কৰিছিল ৷

IPL নিলামত কোটি টকাৰ চুক্তি লাভ কৰা যশশ্বী
যশশ্বী জয়ছৱাল
*2015 চনত গিলছ ছিলড মেচত যশশ্বী জয়ছৱালে অপৰাজিত 319 ৰাণ সংগ্ৰহ কৰাৰ লগতে 99 ৰাণত 13 টাকৈ উইকেট দখল কৰিছিল ৷ স্কুল পৰ্যায়ত অভূতপূৰ্ব অল ৰাউণ্ড প্ৰদৰ্শন আগবঢ়োৱা বাবে তেওঁৰ নাম লিমকা বুক ৰেকৰ্ডছত অন্তৰ্ভূক্ত হৈছিল ৷

প্ৰশিক্ষক জ্বালা সিঙে আশ্ৰয় প্ৰদান কৰাৰ পূৰ্বে আজাদ মৈদানত ৰামলীলাৰ সময়ত পানীপুৰি বিক্ৰী কৰাৰ লগতে ফল-মূল বিক্ৰী কৰাতো সহায় কৰিছিল যশশ্বীয়ে ৷ কিন্তু, ইয়াৰ পাচতো বহুদিন তেওঁ খালী পেটেৰে বিচনালৈ যাব লগা হৈছিল ৷

যশশ্বী জয়ছৱাল পানীপুৰি বিক্ৰী কৰা সময়ত

কিন্তু, বৃহস্পতিবাৰৰ নিলামত তেওঁৰ ভাগ্য সম্পূৰ্ণৰূপে বদলি হ'ল ৷ কঠোৰ পৰিশ্ৰমী খেলুৱৈগৰাকীৰ মূল্য 20 লাখ নিৰ্ধাৰণ কৰা হৈছিল যদিও ৰাজস্থান ৰয়েলছ দলে কোটি টকাৰ চুক্তিত স্বাক্ষৰিত হয় ৷

কোটি টকাত ৰাজস্থান ৰয়েলছ দলৰ হৈ খেলিবলৈ সুযোগ লাভ কৰাৰ পাচতে তেওঁ কয়, "মই বহু সুখী ৷ ইয়াৰ জৰিয়তে মই শিকিবলৈ বহু সুবিধা পাম ৷ ৰাজস্থান ৰয়েলছৰ সৈতে থকা সময়খিনিত যিমান পাৰো মই শিকিব চেষ্টা কৰিম ৷ ইয়াৰ জৰিয়তে মোৰ পৰিচয় গঢ়িবলৈ সক্ষম হ'ম ৷" উল্লেখ্য যে, অনুৰ্দ্ধ-19 ভাৰতীয় দলৰ অধিনায়ক প্ৰিয়ম গাৰ্গতকৈ(ছানৰাইজাৰ্ছ হাইদৰাবাদ, 1.90 কোটি) অধিক দামত নিলাম হয় যশশ্বী জয়ছৱাল ৷

যুৱ খেলুৱৈগৰাকীয়ে ঘৰুৱা ক্ৰিকেটতো মুম্বাই দলৰ হৈ দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই আহিছে ৷
*ছেপ্টেম্বৰ-অক্টোবৰ মাহত অনুষ্ঠিত হোৱা বিজয় হাজাৰে ট্ৰফীত 154 বলত 203 ৰাণ সংগ্ৰহ কৰিছিল যশশ্বী জয়ছৱালে ৷ ইয়াৰ ভিতৰত আছিল 12 টাকৈ ছয় আৰু 17 টা চাৰি ৷ ইয়াৰ জৰিয়তে A তালিকা ক্ৰিকেটাৰ তালিকাৰ দ্বিশতক অৰ্জন কৰা সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰগণিত হৈছিল যশশ্বী ৷

*সেই ছিজনত তেওঁ 564 ৰাণ সংগ্ৰহ কৰাৰ লগতে তিনিটাকৈ শতক আৰু এটা শতক অৰ্জন কৰিছিল ৷

বৰ্তমান যশশ্বী অনুৰ্দ্ধ-19 ভাৰতীয় দলৰ সদস্য ৷ 17 জানুৱাৰীৰ পৰা দক্ষিণ আফ্ৰিকাত আৰম্ভ হ'বলগা বিশ্বকাপ ক্ৰিকেটৰ বাবে সাজু হৈছে যশশ্বী ৷

আৰু পঢ়ক : IPL নিলাম : 62 জন খেলুৱৈত বিনিময় 140 কোটি

Intro:Body:

dfff

Conclusion:
Last Updated : Dec 21, 2019, 11:19 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.