ETV Bharat / sports

বিশ্বকাপঃ ছেমিফাইনেলৰ বাট সজীৱ শ্ৰীলংকাৰ - 2019 ক্ৰিকেট বিশ্বকাপ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয় লাভ শ্ৰীলংকাৰ ৷ বিশ্বকাপৰ 39 সংখ্যক মেচখনত 23 ৰানত পৰাস্ত ৱেষ্ট ইণ্ডিজ ৷

বিশ্বকাপঃ ছেমিফাইনেলৰ বাট সজীৱ শ্ৰীলংকাৰ
author img

By

Published : Jul 2, 2019, 12:03 AM IST

স্পৰ্টছ ডেস্ক, 1 জুলাইঃ 2019 ক্ৰিকেট বিশ্বকাপৰ ছেমিফাইনেলৰ বাট বৰ্তমানেও সজীৱ আছে শ্ৰীলংকাৰ ৷ ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমিফাইনেলৰ বাট সজীৱ ৰাখিবলৈ সক্ষম হৈছে শ্ৰীলংকাৰ দলটোৱে ৷ খেলখনত ৱেষ্ট ইণ্ডিজে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ শ্ৰীলংকাই নিৰ্ধাৰিত 50 অভাৰত 6 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 338 ৰান ৷ শ্ৰীলংকাৰ অ’পেনিং যুটিয়ে প্ৰথম উইকেটৰ বাবে সংগ্ৰহ কৰিছিল 93 ৰান ৷ শ্ৰীলংকাৰ হৈ অভিছকা ফাৰনাণ্ডোয়ে শতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ খেলুৱৈগৰাকীয়ে 104 ৰান কৰাৰ বিপৰীতে কুছল পেৰেৰাই 64, দিমুথ কৰুণাৰাত্নেয়ে 32, কুছল মেণ্ডিছে 39, এঞ্জিলো মেথিউছে 26 আৰু লাহিৰু থিৰিমানেয়ে 45 ৰানৰ বৰঙণি দিয়ে ৷ ৱেষ্ট ইণ্ডিজৰ হৈ জেছন হল্ডাৰে সৰ্বাধিক 2 টা উইকেট লাভ কৰে ৷

ইয়াৰ প্ৰত্যুত্তৰত 9 উইকেট হেৰুৱাই নিৰ্ধাৰিত 50 অভাৰত কেৱল 315 ৰান কৰিবলৈ সক্ষম হয় ৱেষ্ট ইণ্ডিজে ৷ ৱেষ্ট ইণ্ডিজৰ হৈ নিকলাছ পুৰাণে শতক অৰ্জন কৰে যদিও দলটোক পৰাজয়ৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম নহয় ৷ পুৰাণে 118 কৰাৰ বিপৰীতে ফেবিয়ান এলেনে অৰ্ধশতকীয় ইনিংছ খেলে ৷ এই জয়েৰে ছেমিফাইনেলৰ বাট সজীৱ ৰাখিবলৈ সক্ষম হৈছে শ্ৰীলংকা দলটোৱে ৷ বৰ্তমানে বিশ্বকাপৰ পইণ্টছ টেবুলত 8 পইণ্টৰে ষষ্ঠ স্থানত আছে শ্ৰীলংকা ৷ অভিছকা ফাৰনাণ্ডোক দিয়া হয় মেন অফ দ্য মেচৰ খিতাপ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.