ETV Bharat / sports

বৃহস্পতিবাৰে পুনৰ সৌৰভ গাংগুলীৰ হৃদযন্ত্ৰৰ পৰীক্ষা কৰা হ'ব

বুধবাৰে প্ৰাক্তন ক্ৰিকেটা সৌৰভ গাংগুলীয়ে উশাহ লোৱাত বহু কষ্ট অনুভৱ কৰিছিল ৷ যাৰ বাবে তেওঁক এপ'ল চিকিৎসালয়লৈ নিয়া হৈছিল । বৰ্তমান ক্ৰিকেটাৰ গৰাকী ড৹ সপতাৰ্শী বসু আৰু ড৹ সুৰজ মণ্ডলৰ তত্বাৱধানত আছে । বৃহস্পতিবাৰে ড৹ আফতাব খানে ড৹ দেৱী ছেত্ৰীৰ উপস্থিতিত টেষ্ট কৰিব বুলি উডলেণ্ড চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিছে ৷

Sourav Ganguly to undergo stenting tomorrow:
বৃহস্পতিবাৰে পুনৰ সৌৰৱ গাংগুলীৰ হৃদযন্ত্ৰৰ পৰীক্ষা কৰা হ'ব
author img

By

Published : Jan 27, 2021, 10:28 PM IST

নিউজ ডেস্ক, 27 জানুৱাৰী : বৰ্তমান ড৹ সপতাৰ্শী বসু আৰু ড৹ সুৰজ মণ্ডলৰ তত্বাৱধানত ৰখা হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীক ৷ বৃহস্পতিবাৰে ড৹ দেৱী ছেত্ৰীৰ উপস্থিতিত পুনৰ ক্ৰিকেটাৰ গৰাকীৰ হৃদযন্ত্ৰৰ পৰীক্ষা কৰা হ'ব ৷

এক প্ৰেছ বিবৃতিত উডলেণ্ড চিকিৎসালয়ৰ কৰ্তৃপক্ষই এই কথা সদৰি কৰিছে ৷ বিবৃতিত উল্লেখ কৰা মতে, বুধবাৰে প্ৰাক্তন ক্ৰিকেটা সৌৰভ গাংগুলীয়ে উশাহ লোৱাত বহু কষ্ট অনুভৱ কৰিছিল ৷ যাৰ বাবে তেওঁক এপ'ল চিকিৎসালয়লৈ নিয়া হৈছিল । বৰ্তমান ক্ৰিকেটাৰ গৰাকী ড৹ সপতাৰ্শী বসু আৰু ড৹ সুৰজ মণ্ডলৰ তত্বাৱধানত আছে । বৃহস্পতিবাৰে ড৹ আফতাব খানে ড৹ দেৱী ছেত্ৰীৰ উপস্থিতিত টেষ্ট কৰিব বুলি উডলেণ্ড চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিছে ৷

উল্লেখ্য যে, বিচিচিআই সভাপতি তথা ভাৰতীয় ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীক বুধবাৰে বিয়লি পুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ কলকাতাৰ এপ'ল চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীক ৷

ইয়াৰ পূৰ্বে 2 জানুৱাৰীত হৃগৰোগত আক্ৰান্ত হোৱাৰ বাবে উডলেণ্ড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গাংগুলীক ৷ তেতিয়াই 48 বৰ্ষীয় গাংগুলীৰ হৃদযন্ত্ৰত তিনিটাকৈ কৰ্নাৰী আৰ্টেৰিছ ব্ল’ক ধৰা পৰিছিল ৷

লগতে পঢ়ক: শিৱসাগৰত স্বয়ম আঁচনি শুভাৰম্ভ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.