স্পৰ্টছ ডেস্ক, 26 ডিচেম্বৰ : ভাৰতীয় দলৰ সৈতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলগা হোৱা বাবে পিতৃৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত হ'ব নোৱাৰিলে পেচাৰ মহম্মদ ছিৰাজে ৷ কিন্তু মেলবৰ্ণত বক্সিং ডে টেষ্টত আত্মপ্ৰকাশ ঘটাইয়ে সদ্য প্ৰয়াত পিতৃক গৌৰৱান্বিত কৰিলে বুলি মন্তব্য কৰে ছিৰাজৰ পৰিয়ালে ৷
26 বৰ্ষীয় ছিৰাজে 20 নৱেম্বৰত অটো চালক পিতৃ মহম্মদ ঘাউছক হেৰুৱায় ৷ ছিৰাজ অষ্ট্ৰেলিয়াত উপস্থিত হোৱা এসপ্তাহৰ ভিতৰতে পিতৃৰ মৃত্যু হোৱাত ক'ভিড-19 নিয়মাৱলীৰ বাবে তেওঁ উভতিব নোৱাৰিলে নিজ ঘৰলৈ ৷
তেওঁৰ ভাতৃ ইছমাইলে কয় যে, মৃত পিতৃৰ সপোন আছিল ছিৰাজক দেশৰ হৈ টেষ্ট মেচত অংশগ্ৰহণ কৰা আৰু শনিবাৰে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত এই সপোন পূৰণ কৰিলে ছিৰাজে ৷
হায়দৰাবাদৰ পৰা ইছমাইলে কয়, "ছিৰাজে টেষ্টত দেশক প্ৰতিনিধিত্ব কৰাটো দেউতাৰ সপোন আছিল... তেওঁ সদায় ছিৰাজক নীলা আৰু বগা জাৰ্ছীত দেখিব বিচাৰিছিল, সেয়েহে আজি আমাৰ সপোন পূৰণ হ'ল ৷"
ছিৰাজৰ পৰিয়ালৰ লোকসকলে পুৱা 4 বজাৰ পৰা এই বিৰল মুহূৰ্ত উপভোগৰ বাবে টিভিৰ সন্মুখত বহি আছিল ৷ তেওঁ ইতিমধ্যে এখন এদিনীয়া আৰু তিনিখন টি-20 মেচত ভাৰতক প্ৰতিনিধিত্ব কৰিছে ৷
ছিৰাজৰ মেনেজাৰৰ দায়িত্বত থকা ইছমাইলে কয়, "কালি দল ঘোষণা কৰাৰ পাচৰ পৰা আমি জানিছিলো যে, তেওঁ টেষ্টত আত্মপ্ৰকাশ ঘটাব ৷ আমি গোটেই ৰাতিটো শুৱা নাছিলো আৰু পুৱা 4 বজাৰ পৰা টিভিৰ সন্মুখত বহি আছিলো ৷"
ইছমাইলে কয়, "আমি ছিৰাজে বল কৰালৈ অধিৰ আগ্ৰহেৰে ৰৈ আছিলো... আমি অধিক সময় অপেক্ষা কৰিবলগা হৈছিল... কিন্তু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাচত তেওঁ প্ৰথম অ'ভাৰ আৰম্ভ কৰে আৰু আমাৰ অপেক্ষাৰ অন্ত পৰে ৷"
এয়া এক আবেগিক মুহূৰ্ত বুলি জানিবলৈ দি ইছমাইলে কয়, "এয়া আমাৰ বাবে গৌৰৱৰ মুহূৰ্ত আছিল ৷"
ছিৰাজে 40 ৰাণ দি 2 টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ৷ তেওঁ মাৰ্নাছ লাবুছেইন আৰু কেমেৰুন গ্ৰীনক আউট কৰিবলৈ সক্ষম হয় ৷ ইছমাইলে কয় যে, দিনটোৰ খেলৰ অন্ত পৰাৰ পাচত ছিৰাজে মাতৃৰ সৈতে ফোনেৰে কথা পাতে ৷ তেওঁ কয়, "মই তেওঁৰ সৈতে মেছেজত কথা পাতিলো, মই তেওঁক এতিয়া অশান্তি কৰিব খোজা নাই যিহেতু তেওঁ ভাগৰুৱা হৈ আছে আৰু কাইলৈ পুনৰ খেলিব লাগিব ৷ তেওঁ আম্মা (মা)ৰ সৈতে কথা পাতিছে ৷"
লগতে পঢ়ক : AUS বনাম IND : ৰাহানেৰ নেতৃত্বত মোহিত লক্ষ্মণ