ETV Bharat / sports

টেষ্ট শৃংখলাত ৰোহিতৰ স্থানত শোভমন গিলক অন্তৰ্ভূক্ত - শোভমন গিলৰ স্থান লাভ

টেষ্ট শৃংখলাত ৰোহিতৰ স্থানত দলত স্থান লাভ কৰিছে শোভমন গিলে ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে টি-20 মেচত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে দলৰ পৰা বাহিৰ হৈছিল ৰোহিত ৷

ৰোহিতৰ স্থানত দলত অন্তৰ্ভূক্ত
টেষ্ট শৃংখলাত স্থান লাভ শোভমন গিলৰ
author img

By

Published : Feb 3, 2020, 10:53 PM IST

স্পৰ্টছ ডেস্ক, 3 ফেব্ৰুৱাৰী : আঘাতপ্ৰাপ্ত ৰোহিত শৰ্মাৰ স্থানত নিউজিলেণ্ডৰ বিৰুদ্ধে স্থান লাভ কৰিছে শোভমন গিলে ৷ সোমবাৰে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে এই ঘোষণা কৰে ৷ দেওবাৰে বে' অ'ভেলত অনুষ্ঠিত হোৱা পঞ্চম তথা অন্তিম টি-20 মেচত আঘাতপ্ৰাপ্ত হোৱা ৰোহিত এদিনীয়া আৰু টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে ৷ ইয়াৰ পাচতে ৰোহিতৰ স্থানত শোভমন গিলক জাতীয় দললৈ নিৰ্বাচিত কৰা হয় ৷

নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিম টি-20 ত 41 বলত 60 ৰাণ সংগ্ৰহ কৰাৰ পাচতে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ৰোহিতে খেলপথাৰ ত্যাগ কৰিবলগা হৈছিল ৷ ভাৰতে অন্তিমবাৰ পাঁচখনীয়া এদিনীয়া শৃংখলাত অংশগ্ৰহণৰ বাবে নিউজিলেণ্ড ভ্ৰমণ কৰাৰ সময়তো শোভমন গিল দলটোৰ সদস্য আছিল ৷

উল্লেখ্য যে, 20 বৰ্ষীয় খেলুৱৈগৰাকীয়ে বৰ্তমান নিউজিলেণ্ডত ভাৰত A দলৰ হৈ নিউজিলেণ্ড A দলৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ আছে ৷ এই ভ্ৰমণতে শোভমনে দ্বিশতক অৰ্জন কৰিবলৈও সক্ষম হৈছে ৷ 279 বলত 22 চাৰি আৰু 4 ছয়ৰ জৰিয়তে দ্বিশতক অৰ্জন কৰে শোভমনে ৷

আৰু পঢ়ক : টকিঅ’ অলিম্পিকত সোণৰ পদক অৰ্জনৰ আশা পি.ভি সিন্ধুৰ

Intro:Body:

dd

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.