ETV Bharat / sports

আইচিচিৰ নতুন নিৰ্দেশাৱলীক লৈ ছাকিব অল হাছানৰ প্ৰশ্ন !

COVID-১৯ ৰ পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'বলগীয়া ক্ৰিকেট খেলসমূহক লৈ শেহতীয়াকৈ কেইটামান নতুন নিৰ্দেশাৱলী জাৰি কৰিছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিয়ে । কিন্তু এই নীতি-নিৰ্দেশনাক লৈ এক প্ৰশ্ন উত্থাপন কৰিছে বৰ্তমানে নিষিদ্ধ ঘোষিত হৈ থকা বাংলাদেশৰ অলৰাউণ্ডাৰ খেলুৱৈ ছাকিব অল হাছানে ।

Shakib Al-Hasan raises questions over guidelines issued by the ICC

author img

By

Published : May 25, 2020, 3:26 PM IST

স্পৰ্টছ ডেস্ক, ২৫ মে': ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা নিষিদ্ধ ঘোষিত হৈ থকা বাংলাদেশৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ ছাকিব অল হাছানৰ আইচিচিৰ নতুন নীতি-নিৰ্দেশনাক লৈ অসন্তুষ্টি । ছাকিবৰ মতে আইচিচিয়ে Covid-১৯ৰ পাচত পুনৰ ক্ৰিকেট খেল অনুষ্ঠিত কৰিবলৈ লোৱা পদক্ষেপত বহু কেইটা উত্তৰবিহীন প্ৰশ্ন এৰি গৈছে আৰু সেইসমূহ আলোচনা কৰাৰ প্ৰয়োজন বুলি কয় খেলুৱৈগৰাকীয়ে ।

আইচিচিৰ নতুন নিৰ্দেশাৱলীক লৈ ছাকিব অল হাছানৰ প্ৰশ্ন !
আইচিচিৰ নতুন নিৰ্দেশাৱলীক লৈ ছাকিব অল হাছানৰ প্ৰশ্ন !

শুকুৰবাৰে COVID-১৯ মহামাৰীৰ পাচত পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ খেলসমূহ সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আইচিচিয়ে বহুকেইটা নতুন নীতি-নিয়ম বান্ধি দিয়ে । য'ত আছিল আম্পায়াৰে গ্ল'ভছ ব্য়ৱহাৰ কৰাৰ লগতে অনুশীলনৰ সময়ত খেলুৱৈয়ে শৌচালয়ৰ ব্যৱহাৰ নকৰা, ১৪ দিনৰ প্ৰী-আইচ'লেচন অনুশীলন কেম্প, মুখ্য চিকিৎসা বিষয়া নিযুক্তি ইত্যাদি । ইয়াৰ পূৰ্বে বলত চালাইভা লগোৱাত নিষেধাজ্ঞা জাৰি কৰিছিল আইচিচিয়ে ।

কিন্তু এই নিৰ্দেশাৱলী জাৰি কৰাৰ পাচতেই বাংলাদেশৰ অলৰাউণ্ডাৰ খেলুৱৈ ছাকিবৰ প্ৰশ্ন- এতিয়া আমি শুনিব পৰা মতে, এই ভাইৰাছ তিনি অথবা ছয় নহয়, বাৰ ফিটলৈ সংক্ৰমণ হয় । তাৰ মানে এইটো নেকি অভাৰৰ শেষত দুয়ো বেটছমেনে ইজনে-সিজনক লগ কৰিব নোৱাৰিব ?

ইয়াৰ উপৰি ছাকিবে কয়, তেওঁলোক নিজৰ দিশত থিয় থাকিব । ষ্টেডিয়ামত কোনো দৰ্শক নাথাকিব ? উইকেটকীপাৰ ওচৰত থিয় থাকিব নে ? কাষত ফিল্ডিং কৰাসকলৰ কি হ'ব । এইসমূহ দিশত চৰ্চা হোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে ।

৩৩ বছৰীয়া ছাকিবে পৰিস্থিতিৰ যথাযত মূল্য়ায়ন নকৰাকৈ আইচিচিয়ে ক্ৰিকেট পুনৰ আৰম্ভ নকৰিব বুলি আশা প্ৰকাশ কৰিছে । তেওঁ কৈছে, আইচিচিয়ে নিশ্চিত হোৱাৰ পূৰ্বে কোনো সুযোগ ল'ব মই নাভাৱো । যিয়ে নহওক জীৱন প্ৰথম, মই নিশ্চিত যে তেওঁলোকে প্ৰথমে সুৰক্ষাৰ দিশটো চিন্তা কৰিব ।

Shakib Al-Hasan raises questions over guidelines issued by the ICC
বাংলাদেশী অলৰাউণ্ডাৰ খেলুৱৈ ছাকিব অল হাছান

আনহাতে ছাকিবে দুই ধৰণে দিনবোৰ গণি আছে বুলি উল্লেখ কৰে । এটা হৈছে কৰ'ণা কেতিয়া সমাপ্ত হয়, আনটো হৈছে তেওঁৰ ওপৰত থকা নিষেধাজ্ঞাৰ সময় কেতিয়া পৰ-সমাপ্তি হয় । তেওঁ ইয়াৰ লগতে মন্তব্য কৰে, বৰ্তমান সময়ত সকলোতে ক্ৰিকেট বন্ধ হৈ আছে । অৱশ্যে কাইলৈ পুনৰ ক্ৰিকেট আৰম্ভ হয় যদিও তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰিব বুলিও দুখ প্ৰকাশ কৰে । আইচিচিৰ দুৰ্নীতি বিৰোধী আইনৰ অধীনতেই ২ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছিল ছাকিব অল হাছানক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.