ETV Bharat / sports

বিশ্বকাপঃ ছেমিফাইনেলৰ লক্ষ্যৰে ইংলেণ্ড-নিউজিলেণ্ড - বিশ্বকাপ

ছেমিফাইনেলত স্থান সুনিশ্চিত কৰাৰ লক্ষ্যৰে আজি বিশ্বকাপৰ এক গুৰুত্বপূৰ্ণ মেচত মুখামুখি হ’ব ইংলেণ্ড আৰু নিউজিলেণ্ড৷ দুয়োটা দলৰ বাবেই জয় অপৰিহাৰ্য ৷

বিশ্বকাপঃ ছেমিফাইনেলৰ লক্ষ্যৰে ইংলেণ্ড-নিউজিলেণ্ড
author img

By

Published : Jul 3, 2019, 5:54 AM IST

Updated : Jul 3, 2019, 7:43 AM IST

স্পৰ্টছ ডেস্ক, 3 জুলাইঃ ক্ৰিকেট বিশ্বকাপ মানেই তীব্ৰ উৎকণ্ঠা, তীব্ৰ উচাহ ৷ তাতে যদি ছেমিফাইনেলৰ বাবে দল সমূহৰ মাজত চলে তীব্ৰ প্ৰতিদ্বন্দিতা তেন্তে কথাই সুকীয়া ৷ তেনে এক প্ৰতিদ্বন্দিতাত বুধবাৰে লিপ্ত হ’ব 2019 ক্ৰিকেট বিশ্বকাপৰ আয়োজক দেশ ইংলেণ্ড আৰু কিৱি বাহিনী নিউজিলেণ্ড৷ পইণ্টছ টেবুলত নিউজিলেণ্ড 11 পইণ্টছেৰে তৃতীয় স্থানত থকাৰ বিপৰীতে 10 পইণ্টছেৰে চতুৰ্থ স্থানত আছে ইংলেণ্ড ৷ দুয়োটা দলে বৰ্তমানলৈকে বিশ্বকাপৰ ইতিহাসত 8 বাৰৰ বাবে মুখামুখি হৈছে ৷ য’ত 5 বাৰ নিউজিলেণ্ডে জয় লাভ কৰাৰ বিপৰীতে 3 বাৰ বিজয়ৰ সোৱাদ লাভ কৰিছে ইংলেণ্ডে৷

ভাৰতীয় সময় অনুসৰি চেষ্টাৰ লী ষ্ট্ৰীটত বিয়লি 3 বজাত মুখামুখি হ’ব দুয়োটা দল ৷ এতিয়া ছেমিফাইনেলত স্থান সুনিশ্চিত কৰিবলৈ দুয়োটা দলৰ বাবেই জয় অপৰিহাৰ্য ৷ অৱশ্যে এইখন মেচত নিউজিলেণ্ডে পৰাজয়ৰ সন্মুখীন হ’লেও পাকিস্তানৰ মেচৰ ওপৰত নিৰ্ভৰশীল থাকিব লাগিব দলটোক ৷ গতিকে এক ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে আই চি চি ৰ 2019 ক্ৰিকেট বিশ্বকাপ ৷

ETV
পাকিস্তান-শ্ৰীলংকা

এতিয়াও ছেমিফাইনেলৰ আশা সজীৱ হৈ আছে নিউজিলেণ্ড, ইংলেণ্ড, পাকিস্তান আৰু কিছু পৰিমাণে শ্ৰীলংকাৰ৷ অৱশ্যে শ্ৰীলংকাই বৰ্তমান 8 পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত জয় লাভ আৰু ইংলেণ্ড, পাকিস্তানৰ শোচনীয় পৰাজয়ৰ পাচত নেট ৰান ৰেটৰ সমীকৰণ মিলিলে হে ছেমিফাইনেলৰ টিকট পোৱাৰ সম্ভাৱনা থাকিব শ্ৰীলংকাৰ ৷ গতিকে আজিৰ মেচখনত ইংলেণ্ড-নিউজিলেণ্ড ক্ৰীড়াপ্ৰেমীৰ লগতে পাকিস্তান-শ্ৰীলংকাৰ দলটোৰ দৃষ্টি থাকিব এই উত্তেজনাপূৰ্ণ মেচখনত ৷

Last Updated : Jul 3, 2019, 7:43 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.